৩১ ডিচেম্বৰলৈ বৃদ্ধি আয়কৰ ৰিটাৰ্ণৰ সময়সীমাঃ নতুন পৰ্টেলত সৃষ্টি হৈছে অসুবিধা….

৩১ ডিচেম্বৰলৈ বৃদ্ধি আয়কৰ ৰিটাৰ্ণৰ সময়সীমাঃ নতুন পৰ্টেলত সৃষ্টি হৈছে অসুবিধা….

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা ৩১ ডিচেম্বৰৰ ভিতৰত ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিবলৈ সক্ষম হ'ব। চৰকাৰে অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰৰ পৰা বৃদ্ধি কৰিছে। ইয়াৰ সৈতে, বিলম্বিত বা সংশোধিত আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম তাৰিখও ৩১ জানুৱাৰী, ২০২২ৰ পৰা ৩১ মাৰ্চ, ২০২২ লৈ বৃদ্ধি কৰা হৈছে। এই তথ্য কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে (চিবিডিটি) প্ৰদান কৰিছে।

পূৰ্বে আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম তাৰিখ আছিল ৩১ জুলাইৰ পৰা ৩০ ছেপ্টেম্বৰ। উল্লেখ্য যে বিগত বছৰ কৰোনাৰ কাৰণে আয়কৰ ৰিটাৰ্ণ দাখিলৰ তাৰিখ তিনিবাৰ বৃদ্ধি কৰা হৈছিল। চৰকাৰে এই বছৰ নিয়োগকৰ্তাৰ পৰা প্ৰপত্ৰ ১৬ পোৱাৰ সময়সীমা দুবাৰ বৃদ্ধি কৰিছে। ইয়াৰ আগতে, অন্তিম তাৰিখ আছিল ১৫ জুন, ২০২১। ইয়াক প্ৰথমে ১৫জুলাই ২০২১ লৈ বৃ্দ্ধি কৰা হৈছিল আৰু ইয়াৰ পৰৱৰ্তী সময়ত ইয়াক ৩১ জুলাই, ২০২১ লৈ বৃদ্ধি কৰা হৈছিল।

ম কৰিবলগীয়া যে, আয়কৰ ৰিটাৰ্ণৰ বাবে নতুন পৰ্টেলৰ ব্যৱস্থা কৰা হৈছে যদিও ইয়াত লেহেমতাৰ সৃষ্টি হোৱাৰ বাবে, আয়কৰ দাতাসকলৰ ৰিটাৰ্ণ দাখিল কৰাত অসুবিধা হ'বলৈ আৰম্ভ কৰে।ইনফোচিছৰ দ্বাৰা তৈয়াৰ কৰা নতুন পৰ্টেলটোৱে বহুতো অসুবিধাৰ সন্মুখীন হৈছে। বিগত ৭ জুনত মুকলি হোৱাৰ আঢ়ৈ মাহ পাছতো, পৰ্টেলটোৱে এতিয়াও সঠিকভাৱে কাম কৰা নাই। এই অসুবিধাবোৰ দূৰ কৰিবলৈ, চৰকাৰে ইনফোচিছক প্ৰশ্ন কৰিছে।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আনকি ২৩ আগষ্টত ইনফোচিছৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু এমডি সলিল পাৰেখক মাতি পঠিয়াইছিল। তেওঁ ইনফোচিছক যিকোনো ক্ষেত্ৰত ১৫ ছেপ্টেম্বৰৰ ভিতৰত নতুন আয়কৰ পৰ্টেলত সন্মুখীন হোৱা অসুবিধাবোৰ আঁতৰাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। আয়কৰ বিভাগে ৰিটাৰ্ণ দাখিলৰ বাবে কেইবাটাও আই টি আৰ প্ৰপত্ৰ প্ৰস্তুত কৰিছে।আয়কৰ দাতাসকলে নিজৰ উপাৰ্জনৰ উৎসৰ ওপৰত আধাৰিত কৰি সাৱধানে আই টি আৰ প্ৰপত্ৰ বাছনি কৰিব লাগিব। ইয়াত বিফল হ'লে, আয়কৰ বিভাগে ইয়াক প্ৰত্যাখ্যান কৰিব।

তাৰ পিছত আয়কৰ ধাৰা ১৩৯(৫)ৰ অধীনত সংশোধিত ৰিটাৰ্ণ দাখিল কৰিবলৈ কোৱা হ'ব। যিসকলৰ দৰমহা, সম্পত্তিৰ ভাড়া আৰু অন্যান্য উৎসৰ পৰা বাৰ্ষিক উপাৰ্জন ৫০ লাখ টকালৈকে হয় তেওঁলোকে আই টি আৰ-১ সহজ প্ৰপত্ৰ পূৰণ কৰিব পাৰে। আনহাতে, অধিক উপাৰ্জন থকা সকলে আইটিআৰ-২ প্ৰপত্ৰ পূৰণ কৰিব লাগিব।

চৰকাৰে সময়মতে আয়কৰ ৰিটাৰ্ণ দাখিল নকৰাৰ বাবে আয়কৰ দাতাৰ ওপৰত জৰিমনা আৰোপ কৰিব। সময়সীমা অতিক্ৰম কৰাৰ পিছত ৰিটাৰ্ণ দাখিল কৰিলে ৫০০০ টকাৰ বিলম্ব মাচুল পৰিশোষ কৰিব লাগিব। ৰিটাৰ্ণ দাখিল নকৰাৰ ক্ষেত্ৰত জাননী নোপোৱালৈকে ২০২০-২১ বিত্তীয় বৰ্ষৰ ৰিটাৰ্ণ ৩১ জানুৱাৰী, ২০২২লৈকে দাখিল কৰিব নোৱাৰি। এনে ক্ষেত্ৰত, আয়কৰ দাতাই ৫০০০ টকাৰ বিলম্ব মাচুলৰ সৈতে প্ৰতি মাহে ১ শতাংশ সূত পৰিশোধ কৰিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in