শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

পৰিশোধ কৰিবলৈ আছে নেকি আয় কৰ, পঢ়ক এই খবৰ

796

ডিজিটেল ডেস্কঃ ২০১৯-২০ বৰ্ষৰ আয় কৰ পৰিশোধ কৰিবলৈ বাকী থকা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। আয় কৰ বিভাগে ২৪ জুলাইৰ পৰা আৰম্ভ কৰিছে কৰদাতা-ই-সহযোগ অভিযান। বিভাগটোৱে ১৫৯ বছৰত ভৰি দিয়াৰ সময়তে ২০১৯-২০ বৰ্ষৰ বাবে কৰ দিবলৈ বাকী থকা চৰকাৰী কৰ্মচাৰীসকলৰ সুবিধা হোৱাকৈ ধন জমা দিব পৰা এক ব্যৱস্থা কৰিছে।

উত্তৰ-পূৰ্বৰ আয়কৰ বিভাগৰ মুখ্য আয়ুক্তৰ নেতৃত্বত আয়োজন কৰা হৈছে ই-মেলাৰ। যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ চৰকাৰী কৰ্মচাৰীসকলে দিব পাৰিব তেওঁলোকৰ আয় কৰ। ১৩ আগষ্টৰ পৰা আৰম্ভ হোৱা এই ই-মেলা অন্ত পৰিব ৩১ আগষ্টত। অৱশ্যে শনিবাৰ আৰু দেওবাৰে এই সেৱা বন্ধ থাকিব।

যিকোনো লোকে কাৰ্যালয় চলি থকা সময়ছোৱাত কৰ পৰিশোধ কৰিব পাৰিব মহানগৰীৰ উজান বজাৰস্থিত পুৰণি আয়কৰ ভৱনত। অৱশ্যে ১৯ আগষ্টৰ পৰা ৩১ আগষ্টৰ লৈকে জি এছ ৰোডস্থিত আয়কৰ ভৱনতো জমা কৰিব পৰা যাব ধন। এই কাৰ্যৰ বাবে কৰ পৰিশোধ কৰিবলগীয়া লোকসকলৰ কিছু তথ্যৰো প্ৰয়োজন হ’ব।

প্ৰয়োজনীত তথ্যসমূহ এনেধৰণৰ-

  • পান কাৰ্য
  • আধাৰ কাৰ্ড
  • আয়কৰ পৰিশোধ কৰিবৰ বাবে নাম পঞ্জীয়ন কৰি থোৱা লোকে ই-ফাইলিং পাছৱৰ্ড, পঞ্জীয়নযুক্ত ফোন নম্বৰ, পঞ্জীয়নভুক্ত ই-মেইল।
  • আই এফ এছ চিৰ সৈতে বেংক একাউন্ট নম্বৰ।
  • ২০১৮-১৯ বৰ্ষত লাভ কৰা দৰমহাৰ তথ্য।
  • দৰমহাৰ উপৰিও অন্যান্য উপাৰ্জনৰ লগতে অন্যান্য কিছু তথ্য।

প্ৰয়োজনীয় তথ্যৰ তালিকা এনেধৰণৰঃ

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি