নলবাৰীৰ বালিকুছিত শ্ৰীশ্ৰীযোগেশ মন্দিৰ উদ্বোধন,দুশ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা…

নলবাৰীৰ বালিকুছিত শ্ৰীশ্ৰীযোগেশ মন্দিৰ উদ্বোধন,দুশ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা…

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী বালিকুছি গাঁৱৰ পাইকাৰকুছি-কমাৰকুছি পথত থকা শ্ৰী শ্ৰী যোগেশ্বৰ দেৱালয়ত দেৱাদিদেৱ মহাদেৱ,সিদ্ধিদাতা গণেশ আৰু বাগদেৱী সৰস্বতীৰ স্থায়ী বিগ্ৰহ প্ৰতিষ্ঠা কৰাৰ লগতে এক মাংগলিক কাৰ্যসূচীৰে বৃহস্পতিবাৰে শ্ৰী শ্ৰীযোগেশ মন্দিৰৰ দ্বাৰ উদঘাটন কৰা হ'য় ।

পুৱা ৯-৩০ বজাত মন্দিৰৰ মুখ্য দ্বাৰ মুকলি কৰে বৰবৰী থান উন্নয়ন সমিতিৰ সভাপতি মনোৰঞ্জন চক্ৰবৰ্ত্তীয়ে । স্থায়ী বিগ্ৰহ উন্মোচন কৰে বনভাগ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতাই । যজ্ঞানুষ্ঠানৰ শুভাৰম্ভ কৰে ধৰ্মপ্ৰাণ মহিলা জোনা শৰ্মাই । ধৰ্মীয় শোভাযাত্ৰা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী থানেশ্বৰ গোস্বামীয়ে । গছপুলি ৰোপণ কৰে সমাজসেৱক তথা বিশিষ্ট কৃষক প্ৰফুল্ল কলিতাই ।

১০-৪৫ বজাত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত অঞ্চলটোৰ প্ৰায় ১৫ খন গাঁৱৰ দুশগৰাকী জ্যেষ্ঠ তথা বিশিষ্ট নাগৰিকক মন্দিৰৰ তৰফৰ পৰা ফুলাম গামোচা , ধূতি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হ'য় । এই অনুষ্ঠানতে প্ৰায় দুই কোটি টকা ব্যয় সাপেক্ষে যোগেশ মন্দিৰ নিৰ্মাণ কৰি দিয়া পৰিয়ালটিৰ মুৰব্বী যোগেশ শৰ্মা , নৃপেন্দ্ৰ শৰ্মা আৰু অশ্বিনী কুমাৰ শৰ্মাকো পৰিচালনা সমিতি তৰফৰ পৰা ফুলাম গামোচা , জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হ'য় ।

মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত বিশেষভাৱে তদাৰক কৰি থকা সমাজকৰ্মী যতীন শৰ্মা আৰু মুকুল কলিতাকো সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে । কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা ৭-৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰি বি আৰ মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ মনোৰঞ্জন ভট্টাচাৰ্যই কয় যে সুন্দৰকৈ নিৰ্মাণ কৰি উলিওৱা এই যোগেশ মন্দিৰটোৰ বাবেই অঞ্চলটোত এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হ'ব। ইয়াক কেন্দ্ৰ কৰিয়ে এক সমন্বয়ৰ বাতাৱৰণ গঢ়ি উঠিব বুলিও তেওঁ কয়।

ইয়াৰ পিচতে স্মৃতি তৰ্পণ কৰে অৱসৰী শিক্ষক নবীন চন্দ্ৰ শৰ্মাই আৰু ডাঃ কাশীনাথ শৰ্মাৰ আবক্ষ মূৰ্তি উন্মোচন কৰে বিশিষ্ট ধৰ্মপ্ৰাণ মহিলা পাৰ্বতী দেৱীয়ে। ইপিনে যজ্ঞানুষ্ঠানৰ মন্ত্ৰধ্বনিয়ে এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰে। অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়েও শুভ উদ্বোধন কৰা মন্দিৰটিত সেৱা লয়। সন্ধিয়া নাগাৰা নাম প্ৰদৰ্শন উদ্বোধন কৰে স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ গোপাল কলিতাই। উল্লেখনীয় যে আজিৰ অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন শ্ৰেণীৰ কেইবাহেজাৰ ভক্ত উপস্থিত থাকে।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in