পূৰ্বৰ স্থিতি সলাই ভাৰতৰ প্ৰতি সমৰ্থন চীনৰ

পূৰ্বৰ স্থিতি সলাই ভাৰতৰ প্ৰতি সমৰ্থন চীনৰ

ডিজিটেল ডেস্কঃ পুলৱামাত চি আৰ পি এফৰ কনভয়ৰ ওপৰত চলোৱা পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ জঘন্য আত্মঘাতী আক্ৰমণৰ পিছত এইবাৰ ভাৰতৰ পক্ষত থিয় হ'ল চীনো। পাকিস্তানৰ সংগ এৰি বৃহস্পতিবাৰে সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদত ভাৰতৰ অৰ্ধ সামৰিক বাহিনীৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ নিন্দা কৰে চীনে।

সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদ চমুকৈ ইউএনএছচিয়ে বৃহস্পতিবাৰে পুলৱামা কাণ্ডৰ নিন্দা কৰি এখন প্ৰস্তাৱ উত্থাপন কৰে। এই প্ৰস্তাৱতে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ হিচাপে চিহ্নিত চীনে পূৰ্বৰ স্থিতি সলনি কৰি পুলৱামাৰ আক্ৰমণৰ পিছত ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়ায়।

ভাৰতে ইয়াৰ পূৰ্বেও আন্তৰাষ্ট্ৰীয় মঞ্চত জইছ-ই-মহম্মদ আৰু তাৰ নেতৃত্ব প্ৰদান কৰা মছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ বিষয়ে উত্থাপন কৰিছিল। কিন্তু সেই সময়ত চীনে বাৰে বাৰে ইয়াৰ বিৰোধ কৰিছিল। আনহাতে ইউ এন এছ চিৰ ৫ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভিতৰত চীনো থকা বাবে চীনৰ স্থিতিয়ে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব বহন কৰে।

উল্লেখ্য যে, পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পাকিস্তানৰ এক বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বিশ্বৰ প্ৰায় সকলো বৃহৎ ৰাষ্ট্ৰই পুলাৱমাৰ আক্ৰমণৰ বিৰোধ কৰি পাকিস্তানৰ এনে কাণ্ডক নিন্দা কৰিছে। আনহাতে, বৃহস্পতিবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ৰাষ্ট্ৰীয় সুৰক্ষা সমিতিৰ এখন বৈঠকত অংশ লয়। এই বৈঠক পাকিস্তান সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in