নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত শ্বহীদ মুকুন্দ কাকতী, কনকলতা বৰুৱা আৰু সংগীত শিল্পী জয়ন্ত হাজৰিকাক স্মৰণ

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত শ্বহীদ মুকুন্দ কাকতী, কনকলতা বৰুৱা আৰু সংগীত শিল্পী জয়ন্ত হাজৰিকাক স্মৰণ

ডিজিটেল সংবাদ নলবাৰী : নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু জাগাৰা শাখা সাহিত্য সভাৰ সহযোগত ২০ ছেপ্টেম্বৰত শ্বহীদ মুকুন্দ কাকতী, কনকলতা বৰুৱা আৰু সংগীত শিল্পী জয়ন্ত হাজৰিকাক স্মৰণ কৰী হয় । এই উপলক্ষে জাগাৰা হাইস্কুলত আয়োজিত অনুষ্ঠানত শ্বহীদ মুকুন্দ কাকতীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিনচন্দ্ৰ কলিতাই । শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে জাগাৰা হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক বিপিনচন্দ্ৰ ডেকাই । জয়ন্ত হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে দক্ষিণ পকোৱা বাঁহজানী মিলন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জাহেদৰ ৰহমানে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে জাগাৰা হাইস্কুলৰ প্ৰধান শিক্ষক বিপিনচন্দ্ৰ তালুকদাৰ ।

ইয়াৰ পাছতে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আৰু জাগাৰা শাখা সাহিত্য সভাৰ সম্পাদক ৰবীন ডেকাই আঁত ধৰা স্মৃতি সভাত পৌৰোহিত্য কৰে জাগাৰা শাখা সাহিত্য সভাৰ সভাপতি নগেন ডেকাই । আদৰণি ভাষণ প্ৰদান কৰে জাগাৰা হাইস্কুলৰ অৱসৰী শিক্ষক কমলাকান্ত ডেকাই । সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিনচন্দ্ৰ কলিতাই প্ৰদান কৰা ভাষণত শ্বহীদ মুকুন্দ কাকতী আৰু শ্বহীদ কনকলতা বৰুৱাই ভাৰতৱাসীৰ বাবে কৰা ত্যাগক গভীৰভাৱে স্মৰণ কৰি কনকলতা বৰুৱাই ত্যাগৰ যেনেদৰে মৰ্যাদা পালে শ্বহীদ মুকুন্দ কাকতীয়েও তেনেদৰে মৰ্যাদা পাব লাগিছিল যদিও তেনেদৰে নাপালে বুলি আক্ষেপ প্ৰকাশ কৰে ।

ভাষণ প্ৰসংগত তেওঁ প্ৰকৃত শিল্পী কেতিয়াও বিক্ৰী নাযায় বুলি দোহাৰি তেনে লোকেহে সমাজৰ, জাতিৰ, ভাষাৰ আৰু সাহিত্যৰ সেৱাৰে প্ৰকৃত কাম কৰে বুলি উল্লেখ কৰে । সভাত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই ভাষণ দি কয় যে এটা জাতি জীয়াই থাকে সেই জাতিৰ লোকসকলে পূর্বপুৰুষসকলক বা সমাজলৈ অনবদ্য অৱদান আগবঢ়োৱা লোকসকলক সন্মান আৰু স্মৰণ কৰাৰ জৰিয়তে । যিসকল লোকে সমাজখনক পোহৰৰ বাটেৰে অাগুৱাই লৈ যায় তেনে লোকৰ প্রতি পৰৱৰ্তী প্ৰজন্ম কিমান শ্রদ্ধাশীল তাৰ ওপৰতো নিৰ্ভৰ কৰে জাতি এটাৰ সবল সাংস্কৃতিক ইতিহাস ৷ আকৌ সমাজে যিসকল লোকক শ্ৰদ্ধা –সন্মান জ্ঞাপন কৰে সেইসকল লোকো সমাজৰ প্ৰতি দায়ৱদ্ধ হোৱা উচিত ।

নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট নাট্যকাৰ ধ্রুৱজ্যোতি শর্মাই লগতে কয় যে প্রতিখন ঠাইৰ নামৰো এটি সাহিত্যিক পৰিভাষা আছে ৷ সেই পৰিভাষা অাগুৱাই লৈ গৈছে সাহিত্যিক চেতনাই ৷ সভাত ৫৪ খন বিভিন্ন বিষয়ৰ পুথি প্ৰণয়ন কৰোঁতা, সাহিত্যিক পেন্সন প্ৰাপক অশ্বিনী বেজবৰুৱা আৰুলোক পৰিৱেশ্য কলাৰ বিশিষ্ট সাধক, শিল্পী পেন্সন প্রাপক প্রতাপচন্দ্ৰ বেজবৰুৱাক সাদৰ সম্বর্দ্ধনা জ্ঞাপন কৰা হয় ৷ সম্বৰ্ধনা গ্ৰহণ কৰি দুয়োগৰাকী সন্মান প্ৰাপকে কৃতজ্ঞতাসূচক ভাষণ প্ৰদান কৰে । সভাত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ কনক ডেকা, জাগাৰা হাইসিকুলৰ প্ৰধান শিক্ষক বিপিন তালুকদাৰ, জাগাৰাৰ জ্যেষ্ঠ নাগৰিক গণেশ ডেকা, সমাজকৰ্মী অপূৰ্ব বৈশ্য, বেলশৰ জিলা পৰিষদৰ সদস্যা ঋতামণি ডেকা, বিষ্ণু জ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক প্ৰফুল্ল বৈশ্যয়ো শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে ।

ইয়াৰ পাছতে হোৱা জাগাৰা শাখা সাহিত্য সভাৰ বিষয় বাছনি সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুলচন্দ্ৰ শৰ্মাই নতুন সমিতিখন সভাত অৱগত কৰে । সেই অনুসৰি কমলাকান্ত ডেকাক সভাপতি, বিপিনচন্দ্ৰ তালুকদাৰক উপসভাপতি, ৰবীন ডেকাক সম্পাদক, সুৰেন্দ্ৰনাথ ডেকাক সহকাৰী সম্পাদক, বিশ্বজিৎ গোস্বামীক পত্ৰিকা সম্পাদক, প্ৰফুল্ল হৈশ্যক কোষাধ্যক্ষ, পুলক বৰুৱাক কাৰ্যালয় সম্পাদক হিচাপে লৈ জাগাৰা শাখা সাহিত্য সভাৰ নতুন সমিতিখন গঠন কৰা হয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in