প্ৰধানমন্ত্ৰী মোডীলৈ পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ পত্ৰ- ‘আলোচনাৰ বাবে আমি সাজু’

প্ৰধানমন্ত্ৰী মোডীলৈ পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ পত্ৰ- ‘আলোচনাৰ বাবে আমি সাজু’

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে। ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক আলোচনা পুনৰ আৰম্ভ কৰাৰ ইচ্ছা ব্যক্ত কৰিছে পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ পত্ৰখনত প্ৰধানমন্ত্ৰী মোডীক আহ্বান জনাইছে কৈছে- 'আহক আমি আলোচনা কৰো আৰু এই সমস্যাবোৰৰ সমাধানৰ পথ উলিয়াও।'

১৪ ছেপ্টেম্বৰত এই পত্ৰখন প্ৰেৰণ কৰিছে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে। ক্ৰিকেটাৰৰ পৰা ৰাজনীতিলৈ এক পৰিক্ৰমা অতিক্ৰম কৰা ইমৰান খানে ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীক তেওঁক জনোৱা শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। ২০ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে এখন পত্ৰযোগে গঠনমূলক আলোচনাৰ পোষকতা কৰিছিল।

ইয়াৰ সহাৰি হিচাপে এই পত্ৰখন প্ৰেৰণ কৰিছে পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে, ২০১৬চনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰ পৰা ভাৰত-পাকিস্তানৰ মাজত সকলো ধৰণৰ আলোচনা বন্ধ হৈ আছিল।

লক্ষণীয় যে, প্ৰধানমন্ত্ৰীৰূপে দায়িত্বভাৰ লৈয়ে ইমৰান খানে তেওঁৰ প্ৰথম ভাষণতে ভাৰতৰ সৈতে সকলো ধৰণৰ সম্পৰ্ক উন্নত কৰাৰ বাবে যাৱতীয় পদক্ষেপ ল'ব বুলি উল্লেখ কৰিছিল। পত্ৰখনত পাকিস্তানে সন্ত্ৰাসবাদৰ সন্দৰ্ভত ভাৰতৰ সৈতে  আলোচনা কৰিবলৈ সদায় প্ৰস্তুত বুলি উল্লেখ কৰিছে খানে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in