অৱশেষত ইমৰান খানে কৰিলে স্বীকাৰঃ হয়, পাকিস্তানত দিয়া হৈছিল জেহাদীক প্ৰশিক্ষণ…

অৱশেষত ইমৰান খানে কৰিলে স্বীকাৰঃ  হয়, পাকিস্তানত দিয়া হৈছিল জেহাদীক প্ৰশিক্ষণ…

ডিজিটেল ডেস্কঃ হয়, পাকিস্তানত দিয়া হৈছিল জেহাদীক প্ৰশিক্ষণ- পাকিস্তানৰ গৃহমন্ত্ৰীৰ পাচত এইবাৰ প্রধানমন্ত্ৰীৰো এই অপকট স্বীকাৰোক্তি। ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ অভিযোগ সত্য প্ৰমাণিত কৰি বৃহস্পতিবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানেও স্বীকাৰ কৰিলে এই কথা। প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে স্বীকাৰ কৰিলে যে, সন্ত্ৰাসবাদী সংগঠনক প্ৰশিক্ষণ দিয়াৰ নামতে পাক চৰকাৰে খৰচ কৰিছিল প্ৰায় ৭ লাখ কোটি টকা। কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে এই প্ৰশিক্ষণ ৮০ দৰ্শকতে দিয়া বুলিহে মন্তব্য কৰিছে ।

পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদী প্ৰশিক্ষণৰ বিষয়টোৰ সন্দৰ্ভত কয় যে, ৮০ দশকত আমাৰ দেশত দুৰ্ধষ সন্ত্ৰাসবাদী সংগঠন জেহাদীৰ কেডাৰ সকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। কিন্তু সেই সময়ত ছোভিয়েট সংঘৰ (Soviet Unioun)ৰ বিৰোধিতাৰে হে এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। ৮০ দশকত ছোভিয়েট সংঘই আফগানিস্তান দখল কৰাৰ সময়তে সংঘৰ বিৰুদ্ধে জেহাদ ঘোষণাৰ বাবে পাকিস্তানত প্ৰশিক্ষণ দিয়া হৈছিল সন্ত্ৰাসবাদীসকলক।

পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে ইয়াকো কয় যে, সেই সময়ত পাকিস্তানক এই প্ৰশিক্ষণৰ বাবে অৰ্থৰ যোগান ধৰা হৈছিল আমেৰিকাৰ চি আই এ ফাণ্ডৰ পৰা। ইমৰান খানে আমেৰিকাৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰি কয়- এটা দশকৰ পাচত এতিয়া আমেৰিকা আফগানিস্তানত উপস্থিত হৈ কয় যে পাকিস্তান এখন সন্ত্ৰাসবাদৰ দেশ। এফালে আমেৰিকাই আমাৰ ওপৰত অভিযোগো কৰে যে, আফগানিস্তানত আমি সফল হব নোৱাৰিলো। মই ভাৱো, পাকিস্তানক লৈ এয়া অন্যায় হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in