ভাৰতৰ সৈতে যুদ্ধ হ’লে পৰাজিত হ’ব পাৰে পাকিস্তানঃ স্বীকাৰ কৰিলে ইমৰান খানে

ভাৰতৰ সৈতে যুদ্ধ হ’লে পৰাজিত হ’ব পাৰে পাকিস্তানঃ স্বীকাৰ কৰিলে ইমৰান খানে

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰক লৈ ভাৰতৰ বিৰুদ্ধে তীব্ৰ অসন্তোষ প্ৰকাশ কৰি থকা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পুনৰ এবাৰ ভাৰতৰ বিৰুদ্ধে পৰমাণু যুদ্ধৰ সম্ভৱনা ব্যক্ত কৰিছে। অৱশ্যে ইয়াৰ লগতে তেওঁ ভাৰতৰ সৈতে যুদ্ধত লিপ্ত হ'লে পাকিস্তান পৰাজিত হ'ব বুলিও মন্তব্য কৰে।

আল জাজিৰাত দিয়া এক সাক্ষাৎকাৰত ইমৰান খানে কয়, 'যদি কোনো পৰমাণৱিক যুদ্ধত কোনো দেশ পৰাজয়ৰ দিশে গতি কৰে, তেন্তে তেতিয়া সেই দেশৰ হাতত দুটাই বিকল্প থাকে। হয় আত্মসমৰ্পণ কৰা অথবা নিজৰ স্বাধীনতাৰ বাবে মৃত্যুৰ সৈতে যুঁজ দিয়া। মই জানো যে পাকিস্তানৰে স্বাধীনতাৰ বাবে মৃত্যুৰ সৈতেও যুঁজিব। যেতিয়া এখন পাৰমাণৱিক শক্তিসম্পন্ন দেশে মৃত্যুৰ সৈতে যুঁজে, তেতিয়া তাৰ ফলাফল ভোগ কৰিবলগা হয়।'

কাশ্মীৰ বিষয়ক লৈ ভাৰতৰ ওপৰত পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান সন্দৰ্ভত ইমৰান খানক সোধা এক প্ৰশ্নৰ উত্তৰ দি পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, 'এয়া কোনো ভ্ৰম নহয়। মই কৈছো, পাকিস্তানে কেতিয়াও পৰমাণু যুদ্ধৰ আৰম্ভণি নকৰে। মই শান্তিত বিশ্বাস কৰো, যুদ্ধৰ বিৰোধিতা কৰো। মই ভাৱো যুদ্ধ সমস্যাৰ সমাধান নকৰে, যুদ্ধৰ অনাকাংক্ষিত পৰিণাম ভোগ কৰিবলগা হয়। ভিয়েটনাম আৰু ইৰাকৰ যুদ্ধ দেখিছে? এই যুদ্ধই সমস্যাৰ সমাধান কৰাৰ বিপৰীতে অন্য সমস্যাৰ কাৰণ হিচাপেহে থিয় দিছিল।'

ইফালে ভাৰতৰ সৈতে পাকিস্তানৰ কোনো আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই বুলিও স্পষ্ট কৰি দিয়ে ইমৰান খানে। লগতে যদি কাশ্মীৰ বিষয়ৰ সমাধান আন্তৰাষ্ট্ৰীয় সম্প্ৰদায়ে কৰিব নোৱাৰে তেন্তে ইয়ে বিশ্বৰ বাণিজ্য ক্ষেত্ৰতো প্ৰভাৱ পেলাব পাৰে বুলি আশংকা ব্যক্ত কৰে তেওঁ। আনহাতে নিজকে শান্তিত বিশ্বাসী বুলি দাবী কৰিব খোজা ইমৰান খানে ইয়াৰ পূৰ্বে নিউয়ৰ্ক টাইমছত লিখা এটা লেখা আৰু তাৰ পূৰ্বেও বহুবাৰ ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক যুদ্ধৰ ভাবুকি প্ৰদান কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in