আই এম এৰ শিৱসাগৰ শাখাৰ বিজ্ঞান ভিত্তিক আলোচনা চক্ৰৰ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ সন্মান লাভ

আই এম এৰ শিৱসাগৰ শাখাৰ বিজ্ঞান ভিত্তিক আলোচনা চক্ৰৰ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ সন্মান লাভ

ডিজিটেল সংবাদ, শিৱসাগৰঃ ইণ্ডিয়ান মেডিকেল এচ'ছিয়েচনৰ শিৱসাগৰ শাখাই যোৱা ২৮ জুলাইত শিৱসাগৰত অনুষ্ঠিত কৰা চিকিৎসা শাস্ত্ৰৰ আলোচনা চক্ৰ "চিমাক'ন-২০১৮' সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন মেডিকেল এচ'ছিয়েচনৰ দ্বাৰা আয়োজিত সমূহ বিজ্ঞান ভিত্তিক আলোচনা চক্ৰৰ ভিতৰতে ২০১৮ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞান ভিত্তিক আলোচনা চক্ৰ হিচাবে বিবেচিত হৈছে। আলোচনা চক্ৰখনে 'আই এম এ বেষ্ট চি এম ই/চাইন্টিফিক প্ৰগ্ৰাম এৱাৰ্ড' লাভ কৰি শিৱসাগৰলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক বিৰল সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ইণ্ডিয়ান মেডিকেল এচ'ছিয়েচন শিৱসাগৰ শাখাই ২০১৬ চনৰ পৰা প্ৰতি বছৰে আয়োজন কৰি অহা এই আলোচনা চক্ৰ ২০১৮ বৰ্ষৰ ২৭ জুলাইত শিৱসাগৰ অ' এন জি চি অফিচাৰ্ছ ক্লাৱত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল। অসমৰ গাঁৱে ভূঞেঁ চিকিৎসা সেৱা আগবঢ়াই থকা চিকিৎসক সকলৰ হিতাৰ্থে আয়োজিত এই আলোচনা চক্ৰত সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৪ জন সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল।

চিকিৎসা শাস্ত্ৰৰ বিভিন্ন নতুন কথা পৰ্যালোচনা কৰাৰ উপৰিও এই আলোচনা চক্ৰত মেডিকেল এথিকছ আৰু বায়'-মেডিকেল ৱেষ্ট ডিস্প'জেলৰ দৰে চিকিৎসা শাস্ত্ৰৰ লগত জড়িত অতিশয় গুৰুত্বপূৰ্ণ আনুসংগিক বিষয়ৰ ওপৰত বিশদ ভাৱে আলোচনা কৰা হয়। অহা ২৮ ডিচেম্বৰত বাংগালুৰুত অনুষ্ঠিত হ'বলগা ইণ্ডিয়ান মেডিকেল এচ'ছিয়েচনৰ বাৰ্ষিক সভাৰ আনুষ্ঠানিক বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি এই বঁটা গ্ৰহণ কৰিবৰ বাবে জনোৱা নিমন্ত্ৰণ ৰক্ষা কৰি বঁটা গ্ৰহণ কৰিবৰ বাবে সাজু হৈছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে বঁটাই ইণ্ডিয়ান মেডিকেল এচ'ছিয়েচনৰ শিৱসাগৰ শাখাৰ সমূহ কৰ্মকৰ্তাক উৎফুল্লিত কৰি তোলাৰ লগতে সমাজৰ হকে কাম কৰাত আৰু অধিক অনুপ্ৰাণিত কৰি তুলিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in