২৪ ঘন্টীয়া ধৰ্মঘট, সোমবাৰে পুৱা ৬ বজাৰ পৰা অচল হ’ব দেশৰ চিকিৎসা সেৱা…

২৪ ঘন্টীয়া ধৰ্মঘট, সোমবাৰে পুৱা ৬ বজাৰ পৰা অচল হ’ব দেশৰ চিকিৎসা সেৱা…

ডিজিটেল ডেস্কঃ কলকতাত চিকিৎসকক প্ৰহাৰ কৰা ঘটনাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। চিকিৎসকৰ সুৰক্ষাৰ দাবীৰে প্ৰায় প্ৰতিখন ৰাজ্যৰ চিকিৎসক সকল ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, যোৱা ১১ জুনত কলকতাৰ এনআৰচি মেডিকেল এণ্ড হাস্পতালত এজন ৰোগীৰ মৃত্যুৰ পিছতে চিকিৎসকৰ ভুলৰ বাবে ৰোগীজনৰ মৃত্যু হোৱা বুলি অভিযোগ তুলি একাংশ দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল ৩গৰাকীকৈ চিকিৎসকক। যাৰ ফলত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে জুনিয়ৰ চিকিৎসক কেইজন।

ইফালে চিকিৎসকৰ ওপৰত চলা এই আক্ৰমণৰ পিছতে সুৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰিছে চিকিৎসকসকলে। ৰোগীক পুনৰ জীৱন দান কৰা চিকিৎসক সকলেই যদি এনে আক্ৰমণৰ পৰা নিস্তাৰ নাপায় তেন্তে নিজৰ দায়িত্ব কিদৰে পালন কৰিব বুলি প্ৰশ্ন কৰি নিজৰ সুৰক্ষাৰ দাবীৰে প্ৰতিবাদত বহে পশ্চিমবংগৰ চৰকাৰী হাস্পতালৰ চিকিৎসকসকলৰ লগতে সমগ্ৰ দেশৰ কনিষ্ঠ চিকিৎসক সকল।

চিকিৎসক সকলৰ এই আন্দোলন সমগ্ৰ দেশতে বিয়পি পৰাৰ পাছত মমতা বেনাৰ্জীয়ে যোৱা ১৫ জুন তাৰিখে আন্দোলনত বহা সকলো চিকিৎসকসকলক পুনৰ কামত যোগ দিবলৈ আহ্বান জনালে। এক সংবাদমেল সম্বোধন কৰি চিকিৎসকসকলক ৰোগীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ দায়িত্ব পালন কৰাৰ বাবে আহ্বান জনাই মমতা বেনাৰ্জীয়ে ঘোষণা কৰে যে- চিকিৎসকসকলৰ সকলো দাবী তেওঁ মানি ল'ব।

মমতা বেনাৰ্জীৰ এই ঘোষণাৰ পাছতে দেওবাৰে চিকিৎসক সকলে আলোচনাৰ বাবে সাজু আছে বুলি সংবাদ মাধ্যমক অৱগত কৰিছে যদিও তেওলোকৰ প্ৰতিবাদ বন্ধ কৰাৰ সন্দৰ্ভত কোনো মন্তব্যই ৰাজহুৱা কৰা নাই। ইয়াৰ বিপৰীতে অহা সোমবাৰ ৰ পুৱা ৬ বজাৰ পৰা মঙলবাৰৰ পুৱা ৬ বজালৈ দেশজুৰি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে।

সমগ্ৰ দেশত চিকিৎসক সকলৰ এই ২৪ ঘণ্টীয়া ধৰ্মঘটৰ ফলত অচল হৈ পৰিব দেশৰ চিকিৎসা সেৱা, অৱশ্যে চিকিৎসক সকলে জৰুৰীকালীন সেৱাক এই প্ৰতিবাদৰ পৰা ৰেহাই প্ৰদান কৰিছে। চিকিৎসক সকলে সোমবাৰে পুৱা ১০ বজাৰ পৰা ২ বজালৈকে আই এম এৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়াৰ কথায়ো সদৰি কৰিছে। এই প্ৰতিবাদী কাৰ্যসূচীত আই এম এ, ডি এম এ আৰু আৰ ডি এৰ চিকিৎসক সকলে অংশ ল'ব। উল্লেখ্য যে, চৰকাৰী খণ্ডৰ উপৰিও ব্যক্তিগত চিকিৎসালয় সমূহো এই ধৰ্মঘটৰ বাবে ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব।

ইফালে সমগ্ৰ দেশজুৰি হোৱা এই প্ৰতিবাদক সমৰ্থন আগবঢ়াইছে অসমৰ চৰকাৰী- বেচৰকাৰী চিকিৎসালয় সমূহেও। সকলো চিকিৎসালয়ে ইতিমধ্যে প্ৰেছ বাৰ্তা যোগে এই প্ৰতিবাদক পূৰ্ণ সমৰ্থন জনোৱাৰ কথা সদৰি কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সংস্থা, শিক্ষক মণ্ডলী, হেলথ চিটি হস্পিতাল, আৰ্য হস্পিতাল, নাৰায়ানা ছুপাৰ স্পেচিয়েলিটি হস্পিতাল, এক্সেলকেয়াৰ হস্পিতাল, হায়াট হস্পিতালৰ লগতে জি এন আৰ চি চিকিৎসালয়ে এই প্ৰতিবাদক পূৰ্ণ সমৰ্থন জনোৱাৰ কথা প্ৰেছবাৰ্তা যোগে ৰাজহুৱা কৰিছে। লগতে চিকিৎসালয় কেইখনে ধৰ্মঘটৰ সময়ত জৰুৰীকালীন সেৱাক ৰেহাই দিয়া হ'ব বুলিও সদৰি কৰিছে।

ইফালে চিকিৎসক সকলৰ এই প্ৰতিবাদৰ এদিনৰ পূৰ্বে কেন্দ্ৰীয় স্বাহ্য মন্ত্ৰী হৰ্ষবৰ্ধনে চিকিৎসকসকলৰ নিৰাপত্তাৰ বাবে বিশেষ আইন প্ৰস্তুত কৰিবলৈ ৰাজ্য চৰকাৰক বিচাৰ- বিবেচনা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in