ৰহাত ২৫০০ লিটাৰ চোৰাং কেৰাচিন জব্দ

ৰহাত ২৫০০ লিটাৰ চোৰাং কেৰাচিন জব্দ

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ মণিপুৰটুপত নিশা চোৰাং তেল সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে। অভিযানকালত আৰক্ষীয়ে জব্দ কৰে ২৫০০ লিটাৰ চোৰাং কেৰাচিন।

ভকতগাঁৱৰ ইকবাদুল হক নামৰ এজনৰ ঘৰত লুকুৱাই ৰখা হৈছিল তেলখিনি। ঘটনা সন্দৰ্ভত ফাৰুক আলী নামৰ এজনক আটক।

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত চোৰাং কেৰাচিন তেলৰ ৰমৰমীয়া বেপাৰ চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in