গুৱাহাটীৰ আলিয়ে-গলিয়ে এতিয়া অবৈধ ছেনিটাইজাৰ-মাস্ক আৰু স্পেয়াৰ মেছিনৰ কাৰখানা…

গুৱাহাটীৰ আলিয়ে-গলিয়ে এতিয়া অবৈধ ছেনিটাইজাৰ-মাস্ক আৰু স্পেয়াৰ মেছিনৰ কাৰখানা…

ডিজিটেল ডেস্কঃ কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিশ্বৰ কোৰোনা প্ৰভাৱিত প্ৰায়বোৰ ৰাষ্ট্ৰতেই বিগত ৩ মাহৰো অধিক কাল অব্যাহত আছে লকডাউন। ইয়াৰ ফলত বিশ্বৰ আন প্ৰান্তৰ দৰেই ভাৰত তথা অসমতো ক্ষুদ্ৰ, মজলিয়া অথবা বৃহৎ প্ৰায় সকলোবোৰ উদ্যোগ বন্ধ হৈ থাকিলেও সৰ্বত্ৰে সুলভ হৈ পৰিছে ছেনিটাইজাৰ, মাস্ক, হেণ্ড গ্লোভছ, পিপিই কিটকে ধৰি কোৰোনা প্ৰতিৰোধত ব্যৱহৃত সজুলি নিৰ্মাণৰ কাৰখানা। এনে উদ্যোগৰ ক্ষেত্ৰত যেনেদৰে চৰকাৰৰ প্ৰতিবন্ধকতা নাই, তেনেদৰেই নাই কোনো নিয়ন্ত্ৰণো। যাৰ সুযোগ লৈ অসমতো আলিয়ে-গলিয়ে কাঠফুলাৰ দৰে গজি উঠিছে ছেনিটাইজাৰ প্ৰস্তুত কৰা কাৰখানা।

স্বাস্থ্য বিভাগে ইয়াৰ মান পৰীক্ষাৰ বাবে কোনো ব্যৱস্থা প্ৰৱৰ্তনৰ সুযোগেই পোৱা নাই কিয়নো কন্টেইনমেন্ট জ'ন, কোৰোনা টেষ্টিং চেন্টাৰ, হাস্পতাল আৰু কোৱাৰেন্টাইন চেন্টাৰৰ লগতে হ'ম কোৱাৰেন্টাইন চম্ভালিবলৈ যাওঁতে বিধ্বস্ত প্ৰায় হৈ পৰিছে ৰাজ্যৰ কোৰোনা নিয়ন্ত্ৰণ ব্যৱস্থাটো। ইয়াৰ সুযোগ বাৰুকৈয়ে লৈছে চোৰাং কাৰবাৰীয়ে।

যি ছেনিটাইজাৰৰ দাম মহাৰাষ্ট্ৰত প্ৰতিলিটাৰৰ কন্টেইনাৰত ৫০ টকা, সেই একে মানৰ ছেনিটাইজাৰৰ সৈতে সাধাৰণ পানী মিহলি কৰি মহানগৰীৰ বিভিন্ন স্থানত প্ৰস্তুত কৰা নিম্নমানৰ ছেনিটাইজাৰৰ ১০০ মিলিলিটাৰৰ বটল একোটা বিক্ৰী হৈছে ২৬০ টকাত। সেইদৰে ১০০ টা এবাৰ ব্যৱহাৰ কৰিব পৰা মাস্ক থকা পেকেট একোটাৰ প্ৰকৃত মূল্য ৫০০ টকা যদিও এইবোৰ বিক্ৰী হৈছে ২০০০ টকাত। সেইদৰে ৫০০ টকীয়া ছেনিটাইজাৰ স্প্ৰেয়াৰ মেছিন এটা বিক্ৰী হৈছে ২-৩ হেজাৰ টকাত।

আজি এনেদৰেই ভেজাল ছেনিটাইজাৰ কঢ়িয়াই অনা এখন ৱাগন আৰ গাড়ীৰ পৰা টেম্পু এখনত বোজাই কৰি থকাৰ দৃশ্য আমাৰ সাংবাদিকৰ দৃষ্টিলৈ অহাত তেওঁলোকৰ পৰা সেইবোৰ ক'ৰ পৰা আনিছে জানিবলৈ বিচৰা হয়। ৱাগন আৰ খনত অহা যুৱক দুজনে কয় যে, আমিনগাঁৱত থকা ফেক্টৰীৰ পৰা গড়কাপ্তানী বিভাগৰ মুখ্য কাৰ্যালয়ৰ পিচফাললৈ আনি সেয়া জমা কৰিছিল আৰু এতিয়া সেইবোৰ বিভিন্ন বিক্ৰী কেন্দ্ৰলৈ প্ৰেৰণৰ বাবে টেম্পুখনত তোলা হৈছে।

তেওঁলোকৰ ফেক্টৰীৰ নাম আৰু সংশ্লিষ্ট নথিপত্ৰ বিচৰাত সেয়া সেই সময়ত নাই বুলি জানিবলৈ দি তেওঁলোকে কয় যে, পিচত কাৰ্যালয়ত আহি সেয়া জমা দি থৈ যাবহি। কাৰখানা তেওঁলোকৰ আমিনগাঁৱত আছে আৰু এই কাৰখানাৰ শ্বেয়াৰো শেহতীয়াকৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে লৈছে। ইতিমধ্যে যিহেতু ছেনিটাইজাৰৰ কাৰ্টুনবোৰ টেম্পুখনত বোজাই কৰা হৈছিল সেয়ে এইখিনি কথা কৈয়ে যুৱক দুজন গাড়ীত উঠি মামনী ৰয়ছম গোস্বামী পথৰ পৰা টেম্পুসহ গুচি যায় যদিও তেওঁলোকৰ ফটো ছেনিটাইজাৰৰ কাৰ্টুন স্থানান্তৰকৰণৰ ভিডিঅ' আৰু কথোপকথন আমাৰ কেমেৰাত বন্দি হৈ ৰয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in