গৰৈমাৰীৰ শিঙিমাৰীৰ কলহী নৈৰ অবৈধ বালিৰ খননকাৰ্য বন্ধৰ দাবীত স্মাৰকপত্ৰ, VIDEO

গৰৈমাৰীৰ শিঙিমাৰীৰ কলহী নৈৰ অবৈধ বালিৰ খননকাৰ্য বন্ধৰ দাবীত স্মাৰকপত্ৰ, VIDEO

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত শিঙিমাৰী হাবিৰ কলহী নৈত দিনে-নিশাই চলাই থকা অবৈধ বালিৰ খননকাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ প্ৰাপ্ত অভিযোগমতে গৰৈমাৰীৰ শিঙিমাৰী হাবিৰ কলহী নৈৰ দুয়োপাৰে বিগত দিনত অঞ্চলটোৰ দৰিদ্ৰ লোকে কৃষিকৰ্মৰ লগতে নৈখনত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি আহিছে৷ কিন্তুু অঞ্চলটোৰ একাংশ অসৎ লোকে অধিক মুনাফা লাভৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ নৈখনত দিনে-নিশাই অবৈধভাৱে বালিৰ খননকাৰ্য চলাই অহাত নৈপৰীয়া ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷

চোৰাং বালি মাফিয়াসকলে দিনে-নিশাই কলহী নৈত অবৈধভাৱে মেচিন লগাই বালি খনন কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া৷ চোৰাং ব্যৱসায়ীসকলে নদীৰ পৰা তোলা অবৈধ বালি ট্ৰাকে ট্ৰাকে ভৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰিছে৷ অবৈধভাৱে বালি খনন কৰাৰ ফলত কলহী নৈৰ দুয়োপাৰে গৰাখহনীয়াৰ সৃষ্টিৰ লগতে খেতি-পথাৰ, বাট-পথ, প্ৰতিবেশীৰ সা-সম্পত্তিৰ প্ৰতিও ভাবুকি নমাই আনিছে৷

নৈখনত অবৈধ বালি খননকাৰ্য চলোৱাৰ পৰিপ্ৰেক্ষিতত মাছ, কাছ, শিশু আদিলৈও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে, যোৱা ২৮ নৱেম্বৰত বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ নেতৃত্বত শিঙিমাৰী হাবিৰ কলহী নৈত অভিযোন চলাই বালিৰ দ'ম নষ্ট কৰাৰ লগতে বালি তোলাত ব্যৱহৃৰিত মেচিন জব্দ কৰিছিল৷

আনহাতে শিঙিমাৰীৰ অবৈধ বালি তোলা কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজে বাধা প্ৰদান কৰাৰ পিচতো দুষ্টচক্ৰটোৱে নৈখনত অদ্যপি বালিৰ খননকাৰ্য অব্যাহত ৰাখিছে৷ উপায়ান্তৰ হৈ গৰৈমাৰীৰ শিঙিমাৰী হাবিৰ কলহী নৈৰ অবৈধ বালি খননকাৰ্য বন্ধ কৰাৰ দাবী জনাই স্থানীয় ৰাইজে ইতিমধ্যে পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ ওচৰত এখন অভিযোগ দাখিল কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in