পশ্চিম বংগ-বাংলা সীমান্তৰে ড্ৰাগছৰ বেহাঃ কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ বেগ ভৰ্তি ড্ৰাগছ সৰবৰাহৰ চেষ্টা

পশ্চিম বংগ-বাংলা সীমান্তৰে ড্ৰাগছৰ বেহাঃ কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ বেগ ভৰ্তি ড্ৰাগছ সৰবৰাহৰ চেষ্টা

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ ভাৰত-বাংলা সীমান্তৰ পৰা যোৱা নিশা সুৰক্ষা বাহিনীয়ে বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী সহ বাংলাদেশী টকা জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, ৰাজ্যখনৰ কোচবিহাৰ জিলাৰ সাহেবগঞ্জ থানা এলেকাৰ কালামাটি নামৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা বি এছ এফে যোৱা মঙলবাৰে নিশা প্ৰায় ১০ বজাত এটা বেগ উদ্ধাৰ কৰে।

বাতৰি মতে যুৱক এজনে এটা বেগ কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি বাংলাদেশৰ ফালে দলিয়াই দিয়ে। কিন্তু বেগটো বাংলাদেশৰ ফালে নগৈ কাঁইটীয়া তাৰৰ বেৰত পৰে। ফলত সীমান্তত থকা তহলধৰি জোৱানে উক্ত বেগটো উদ্ধাৰ কৰে যদিও বি এছ এফ জোৱান দেখি যুৱকজনে পলায়ন কৰে।

ইফালে বি এছ এফে বেগটোৰ পৰা ২০০০ টা টেবলেট, ৫৯ বটল নিচা জাতীয় চিৰাপ, ২২০০ টকা
বাংলাদেশৰ ধন আৰু ৬ কেজি গাঞ্জা বেগটোৰ পৰা উদ্ধাৰ হয়। সুৰক্ষা বাহিনীয়ে ইতিমধ্যে সাহেবগঞ্জ থানাত সামগ্ৰীখিনি চমজাই দিয়াত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। মন কৰিবলগীয়া যে, পশ্চিম বংগৰ দৰে মানকাচৰ, ধুবুৰী বাংলাদেশ সীমান্তৰ মাজতো এনে ঘটনা সঘনে সংঘটিত হোৱা দেখা যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in