নুমলীগড়ৰৰ কালিয়নী নদীৰ হত্যাযজ্ঞ : বন বিভাগৰ অগোচৰে চলিছেনে অবৈধ বালিখনন ?

নুমলীগড়ৰৰ কালিয়নী নদীৰ  হত্যাযজ্ঞ : বন বিভাগৰ অগোচৰে চলিছেনে অবৈধ বালিখনন ?

ডিজিটেল সংবাদ,বোকাখাত : গোলাঘাট জিলাৰ এখন প্ৰানচঞ্চল নদী কালিয়নী। তাহানীৰ গৌৰব উজ্জল কছাৰী ৰাজত্বৰ বহু কিম্বদন্তী আৰু ইতিহাস সাবতি চিৰ সেউজ কাৰ্বি পাহাৰৰ পৰা জিলাখনৰ আন এখন নদী ধনশিৰি অভিমুখী এই কালিয়নী নদীৰ আছে এক সুকীয়া বৈশিষ্ট। এই কালিয়নী নদীখনে বহু সময়ত পৰ্যটকক আকৰ্ষণ কৰি অহাৰ উপৰিও নুমলীগড়ৰ আশে পাশে কৃষক সমাজক উপহাৰ দিছে কেইবাটাও উৰ্বৰ চাপৰি।

ৰাজ্যখনৰ ভিতৰতেই এই কালিয়নী নদীৰ সুকীয়া পৰিচয় হ'ল ইয়াৰ বালি।বহু যুগ ধৰি নদীখনৰ এটা উল্লেখযোগ্য বালীঘাট "কানাইঘাট"ৰ বালীয়ে ৰাজ্যখনত বহন কৰি আহিছে এটা ঈৰ্ষনীয় অৰ্থনৈতিক পৰিচয় আৰু খ্যাতি।সাধাৰণ লোককে আদি কৰি ৰাজ্যখনৰ বৃহৎ বৃহৎ নিৰ্মান প্ৰতিষ্ঠানলৈকে বালিৰ ক্ষেত্ৰত প্ৰথম পচণ্ড হ'ল এই কালিয়নী নদীৰ "কানাইঘাট"ৰ বালি।

আৰু এই পৰিচয় আৰু খ্যাতিয়েই বৰ্তমান নদীখনৰ বাবে হৈ পৰিছে অভিশাপ স্বৰূপ। কাৰণ দীৰ্ঘদিনৰ পৰা চৰকাৰ অনুমোদিত "কানাইঘাট" বালি মহলৰ আচিলা লৈ নদীখনৰ কেতবোৰ অংশত বালি মাফিয়াই গঢ়ি তুলিছে বহু অবৈধ বালীঘাট। য'ত চলি আছে নদীখনৰ অবাধ ধ্বংসযজ্ঞ। য'ৰ পৰা আৰম্ভ হয় এটা সভ্যতাৰ, পৰম্পৰাৰ, লোক-কথা, গীত-মাত আৰু সংস্কৃতিৰ, এখন সমাজৰ অৰ্থনৈতিক পৰিকাঠামোৰ। তেনে এখন নদীকেই হত্যা কৰিবলৈ কৰি থকা হৈছে উপৰ্যুপৰি চেষ্টা।

নুমলীগড়ৰ পৰা ঐতিহাসীক বাবাথানৰ পিছ অংশৰ বৰ্মন গাঁও, পংকাৰ পৰা "কানাইঘাট"লৈকে এই বৃহৎ অঞ্চলটোত বালী মাফিয়াই অবৈজ্ঞানীক ভাৱে স্থাপন কৰিছে বহুসংখ্যক বালীঘাট। য'ত শতাধীক বালী খননৰ বাবে পানীৰ পাম্প স্থাপন কৰি ব্যাপক হাৰত সংগ্ৰহ কৰি থকা হৈছে বালী।

যাৰ ফলত কালিয়নী নদীখনৰ স্বাভাৱিক জলধাৰালৈ আহি পৰিছে চৰম ভাবুকি। বিশেষ এচাম লোকৰ অবৈধ অৰ্থলিপ্সাই হত্যা কৰিবলৈ ওলাইছে এখন প্ৰানচঞ্চল নদীক। বিজ্ঞানসন্মতভাৱে বালি খননৰ পৰিৱৰ্তে যধে-মধে বালি খননৰ ফলত ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। যাৰ বাবে নদীখনৰ সোঁতৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে আৰম্ভ হৈছে গৰাখহনীয়াৰ।

যাৰ বাবে নদীখনৰ মৎস্যকে ধৰি জীৱকূললৈ চৰম ভাবুকি কঢ়িয়াই আনিছে। ইফালে কাষৰীয়া নামবৰ হাবিৰ পৰা ওলাই অহা বন্যহস্তীৰ পানী সেৱনত অসুবিধাৰ সৃষ্টি হৈছে। অন্যহাতেদি দৈগ্ৰোং নদীৰো ঠিক একে অৱস্থা। উল্লেখ্য যে কিছুদিনপূৰ্বে দৈগ্ৰোং নদীৰ বালি মহলত খনন কৰি থকা অৱস্থাত মাটি খহি অকালতে প্ৰাণ হেৰুৱাইছিল এজন ব্যক্তিয়ে।

ইয়াৰ উপৰিও কালিয়নী নদীখনত চলি থকা থকা এই অবাধ বালী খননৰ বাবে অন্যফালেদি অৰ্থনৈতক ভাৱে ক্ষতিগ্ৰস্ত হৈছে নুমলীগড়,পংকা আৰু বৰ্মনগাঁৱৰ মৎসজীৱি পৰিয়াল সমুহো কাৰণ নদী খনত বালীখননৰ বাবে অবিৰত ভাৱে চলি থকা যন্ত্ৰ সমুহৰ শব্দ আৰু ধোঁৱাৰ বাবেই মৎসজীৱি লোক সকলৰ অসুবিধাৰ সৃষ্ট হৈছে মাছ ধৰাত।

কিন্তু স্বাভাৱিকতেই প্ৰশ্ন হয় বালী খনন হৈ থকা অঞ্চল সমুহৰ পৰা মাত্ৰ কেই কিলোমিটাৰ মান আঁতৰতে থকা নুমলীগড় খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অলক্ষিতেই চলিছেনে এই অবাধ বালীখনন? আৰু গোলাঘাট জিলা বন বিভাগৰ অগোচৰেই চলি আছেনে এই বালীখনন?

নে কালিয়নী নদীৰ এই ঈৰ্ষনীয় আৰু প্ৰচুৰ বজাৰ মূল্য থকা বালীৰ বাবেই বালী মাফিয়া আৰু বন বিভাগ মিলি বৃহৎ অৰ্থৰ স্বাৰ্থত হত্যা কৰিবলৈ উঠি পৰি লাগিছে এখন গতীশীল নদীক।উল্লেখযোগ্য যে, গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে এই সন্দৰ্ভত বন বিভাগৰ বিৰুদ্ধে তৰা গোচৰ বৰ্তমানেও চলি থকাৰ মাজতে এনেদৰেই চলি আছে অবৈধ ভাৱে বালি খনন । 

ইফালে জানিব পৰা মতে গোলাঘাটৰ বন বিভাগৰ কাৰ্যালয় আৰু নুমলীগড় খণ্ড বন বিষয়া কাৰ্যালয়ৰ অনুমতিতেই চলি আছে এই বালী খনন আৰু নদী হত্যাযজ্ঞ কিন্তু প্ৰশ্ন হয়, এখন প্ৰবাহমান আৰু বোৱতি নদীত বালী খননৰ বাবে কেনেদৰে অনুমতি দিব পাৰে বন বিভাগে ??

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in