উমৰাংছুত বৃহৎ পৰিমাণৰ চোৰাং পাইন গছৰ কুণ্ডা জব্দ

উমৰাংছুত বৃহৎ পৰিমাণৰ চোৰাং পাইন গছৰ কুণ্ডা জব্দ

ডিজিটেল সংবাদ, হাফলংঃ  বিগত কিছুদিন ধৰি ডিমা হাছাও জিলাত দুষ্ট চক্ৰই অব্যাহত ৰাখিছে বন ধ্বংস যজ্ঞ। স্থানীয় লোকসকলে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি অহাৰ সময়তে জিলাখনত শনিবাৰে জব্দ হয় বৃহৎ পৰিমাণৰ পাইন গছৰ কুণ্ডা।

জিলাখনৰ আৰক্ষী পৰিদৰ্শকৰ নেতৃত্বত চলা এক অভিযানত উমৰাংছু বন সংমণ্ডলৰ অন্তৰ্গত ছাংবাৰ অঞ্চলৰ পৰা এই বৃহৎ পৰিমাণৰ পাইন গছৰ কুণ্ডা জব্দ কৰা হয়। আৰক্ষী পৰিদৰ্শকজনে বন বিভাগৰ এটা দলৰ সহায়ত ছাংবাৰত উপস্থিত হৈ বিশেষ স্থানত জমা কৰি ৰাখি থোৱা অৱস্থাত এই কুণ্ডাসমূহ জব্দ কৰে।

উল্লেখ্য যে দুষ্ট চক্ৰটোৱে বন বিভাগৰ নিষেধাজ্ঞাকো আওকাণ কৰি অঞ্চলটোৰ বনাঞ্চলসমূহত অবাধে বন ধ্বংস যজ্ঞ চলাই আহিছে। একাংশ বন বিষয়াৰ সৈতে মিতিৰালি কৰি দুষ্ট চক্ৰটোৱে এনে দুষ্কাৰ্য সংঘটিত কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in