অবৈধ মাৰাণাস্ত্ৰ সহ উদ্ধাৰ ড্ৰাগছ, গ্ৰেপ্তাৰ দুজনক…

অবৈধ মাৰাণাস্ত্ৰ সহ উদ্ধাৰ ড্ৰাগছ, গ্ৰেপ্তাৰ দুজনক…

ডিজিটেল সংবাদ, নগাঁও: পুনৰ নগাঁৱত উদ্ধাৰ হৈছে ড্ৰাগছ ৷ লগতে আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে অবৈধ মাৰাণাস্ত্ৰও ৷ আৰক্ষীয়ে এই ড্ৰাগছ আৰু মাৰণাস্ত্ৰসমূহৰ লগতে গ্ৰেপ্তাৰ কৰিছে দুজনকৈ লোকক ৷ জানিব পৰা মতে, দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি ৰাঙলু বৰাইহাগীত অভিযান চলায়৷

এই অভিযান কালত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা লোক দুজনৰ নাম হৈছে চিদ্দিক আলি আৰু ফইজুল ইছলাম ৷ চিদ্দিক আৰু ফইজুলৰ জিম্মাৰ পৰা অভিযানকাৰী আৰক্ষীয়ে পইন্ট ৩২ পিস্তল , ৯ ৰাউণ্ড সজীব গুলী , চাৰিটা কন্টেনাৰত হেৰইন , কফ চিৰাপৰ বটল , মবাইল আদি জব্দ কৰে ৷ গ্ৰেপ্তাৰ হোৱা দুয়োজনকে আৰক্ষীয়ে আদালতত হাজিৰ কৰে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in