উদক পাতিলে ভেটাৰখীয়া! ৰামভূমি অযোধ্যাত পুনৰ এক কেলেংকাৰী…

উদক পাতিলে ভেটাৰখীয়া! ৰামভূমি অযোধ্যাত পুনৰ এক কেলেংকাৰী…

ডিজিটেল ডেস্ক : কেলেংকাৰীয়ে যেন পিছ নেৰা হৈছে উত্তৰ প্ৰদেশক ।এইবাৰ অবৈধ ভূমি ক্ৰয় কেলেংকাৰীত সাঙোৰ খালে  চৰকাৰী মন্ত্ৰী-আমোলাৰ নাম । অযোধ্যাৰ নগৰ উপায়ুক্ত ৠষিকেশ উপাধ্যায়, জিলাখনৰ সদৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক  বেদ প্ৰকাশ গুপ্তা আৰু মিল্কিপুৰ সমষ্টিৰ প্ৰাক্তন সাংসদ গোৰাখনাথ বাবাৰ নাম প্ৰকাশ পাইছে এই কেলেংকাৰীত জড়িত ব্যক্তিৰ  তালিকাত । অযোধ্যা উন্নয়ন কমিটীয়ে প্ৰস্তুত কৰা ৪০ জনীয়া ব্যক্তিৰ এই তালিকাক নাম দিছে "অবৈধ ঔপনিবেশিক" ।

৬ আগষ্ট, শনিবাৰে প্ৰকাশ পোৱা এই তালিকা সন্দৰ্ভত অযোধ্যা উন্নয়ন সমিতিৰ উপাধক্ষ্য বিশাল সিঙে ৰবিবাৰে সংবাদ মেলৰ  আগত প্ৰকাশ কৰা অনুসৰি, অতি শীঘ্ৰেই এই তালিকাত থকা ব্যক্তিসকলৰ ওপৰত তদন্ত কৰা হ'ব । 

উল্লেখ্য যে, এই তালিকাখনত আন বহুতো মন্ত্ৰী-বিষয়া, প্ৰশাসনিক বিষয়াৰ নিকটাত্মীয় আৰু স্থানীয় শুল্ক বিষয়াৰ  নামো জড়িত হৈ আছে । উত্তৰ প্ৰদেশ চৰকাৰে ইতিমধ্যেই এজনীয়া কমিটী এখন গঠন কৰি অবৈধভাৱে ভূমি ক্ৰয় কৰা ৰাজহুৱা প্ৰতিনিধি আৰু  চৰকাৰী বিষয়াৰ তালিকা প্ৰস্তুত কৰিছিল যদিও তদন্তৰ সাত মাহ পিছতো ৰাজহুৱা নহ'ল এই তালিকা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in