কাৰাগাৰত নহয়,৩১ অক্টোবৰৰ পিছত অতিথিশালা অথবা হোটেলত ৰাখিব লাগিব অবৈধ অনুপ্ৰবেশকাৰীক…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্ক : দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰা এক নিৰ্দেশনা মতে ৩১ অক্টোবৰৰ ভিতৰত কাৰাৰুদ্ধ বিদেশী বন্দীক কাৰাগাৰৰ পৰা উলিয়াই হোটেল অথবা অতিথি শালাত ৰাখিব লাগিব । যিহেতু বিদেশী চিনাক্তকৃত বিদেশীৰ বিষয়টো সীমান্ত আৰক্ষীৰ সৈতে জড়িত সেয়ে বিদেশী ৰূপে চিনাক্ত কৰা কোনো অবৈধ অনুপ্ৰবেশ কাৰীক ভাৰতীয় দণ্ডবিধিৰ অধীনত কাৰাবৰন কৰি থকা কয়দীৰ সৈতে কাৰাগাৰত ৰাখিব নোৱাৰিব । তেওলোকৰ বাবে অতি শীঘ্ৰে সুকীয়া আটক শিবিৰ নিৰ্মান কৰি উলিয়াবলৈও ন্যায়ালয়ৰ নিৰ্দেশনাটোৰ জৰিয়তে নিৰ্দেশ দিয়া হয় ।

উল্লেখযোগ্য যে শিলচৰ গোৱালপাৰা, তেজপুৰ,কোকৰাঝাৰ,যোৰহাট আৰু ডিব্ৰুগড় কাৰাগাৰত চিনাক্তকৃত বহু সংখ্যক বিদেশী আন কয়দী আথবা হাজোতীৰ সৈতে আৱদ্ধ হৈ আছে । সেয়েহে এই কাৰাগাৰ সমূহক বিশেষ ভাবে ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ কথা অৱগত কৰা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in