সমবায় সমিতিৰ সদস্যৰ দোকানৰ গুদামত ওলাল ২০০ বস্তা চোৰাং বুটমাহ…

সমবায় সমিতিৰ সদস্যৰ দোকানৰ গুদামত ওলাল ২০০ বস্তা চোৰাং বুটমাহ…

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰা : ধুবুৰী জিলাৰ দক্ষিণ শালমাৰাৰ শালকাটাত যোৱা নিশা আৰক্ষীয়ে গোপন সুত্ৰৰ আধাৰত এগৰাকী সমবায় সমিতিৰ সদস্যৰ দোকানৰ গুদাম ঘৰৰ পৰা প্ৰায় ২০০ বস্তা চৰকাৰী বুটমাহ উদ্ধাৰ কৰি জব্দ কৰে।

উল্লেখযোগ্য যে ফকিৰগঞ্জ থানা এলেকাৰ শালকাটা বজাৰত থকা শামিম মোঃ আশ্ৰাফ নামৰ সমবায় সমিতিৰ সদস্য জনৰ হাৰ্ডওৱেৰৰ দোকানৰ গুদাম ঘৰৰ পৰা আৰক্ষীয়ে গোপন সুত্ৰৰ আধাৰত অভিযান চলায়। আৰক্ষীৰ এই অভিযানত গুদাম ঘৰৰ পৰা প্ৰায় ২০০ বস্তা চৰকাৰী বুটমাহ উদ্ধাৰ হয়। চৰকাৰী হিতাধিকাৰীক সমবায় সমিতিৰ জৰিয়তে বুটমাহ খিনি বিতৰণৰ বাবে যোগান দিছিল যদিও বুটমাহ খিনি হিতাধিকাৰীক যোগান নিদি গুদাম ঘৰত আশ্ৰাফে চোৰাং ভাবে মজুত কৰি ৰখাৰ সন্দেহ কৰা হৈছে। ঘটনাক লৈ আৰক্ষীয়ে কাকো কৰায়ত্ব কৰা নাই যদিও ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

শামিম মোহাম্মদ আশ্ৰাফ বাউসকাটা-ৰাভাটাৰী সমবায় সমিতিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ সদস্য বুলি জানিব পৰা গৈছে। অৱশ্য বুটমাহ খিনি বাউসকাটা-ৰাভাটাৰী সমবায় সমিতিৰ নহয় বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in