আই আই টি গুৱাহাটীত ৫৩ সংখ্যক স্পৰ্টছ মিট, দেশৰ ভিন্ন আই আই টিৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

আই আই টি গুৱাহাটীত ৫৩ সংখ্যক স্পৰ্টছ মিট, দেশৰ ভিন্ন আই আই টিৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীত অনুষ্ঠিত হৈ আছে ৫৩ সংখ্যক 'আই আই টি স্পৰ্টছ মিট'। এই প্ৰতিযোগিতাখনত ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আই আইটিৰ ছাত্ৰ-ছাত্ৰীসকলে। চতুৰ্থ দিনৰ অন্তত হকীত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে আই আই টি ৰ'কি, আই আই টি মাদ্ৰাছ, বি এইছ ইউ আৰু দিল্লীয়ে। ১৯ ডিচেম্বৰত এই প্ৰতিযোগিতাখনৰ ছেমি ফাইনেল অনুষ্ঠিত হ'ব।

ইফালে ফুটবলত আই আই টি গুৱাহাটীয়ে আই আই টি ভিলাইক ৬-০ ব্যৱধানত পৰাস্ত কৰে। স্কোৱাটছত ঘৰুৱা দল গুৱাহাটীয়ে ইতিমধ্যে সকলো কেইখন খেল হাৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। ভলীবলত চতুৰ্থ দিনা আই আই টি পাটনা আৰু কানপুৰে আই আই টি ৰ'পা আৰু আই আইটি মাদ্ৰাছক পৰাস্ত কৰে। ক্ৰিকেটত আই আই টি মাদ্ৰাছ, মান্দী, বোম্বাই, বি এইছ ইউ, ৰ'কী, কানপুৰ আৰু গুৱাহাটী বিজয়ী হৈ পৰৱৰ্তী ৰাউণ্ডলৈ উত্তীৰ্ণ হৈছে। টেবুল টেনিছৰ তীব্ৰ প্ৰতিযোগিতামূলক খেলত খড়গপুৰে দিল্লীক আৰু কানপুৰে গান্ধী নগৰ আই আই টিক ক্ৰমে ৩-২ আৰু ৩-০ৰ ব্যৱধানত পৰাস্ত কৰে।

ইফালে মহিলা শাখাতো অনুষ্ঠিত হয় কেইবাখনো গুৰুত্বপূৰ্ণ খেল। মহিলা বেডমিন্টনত আই আই টি কানপুৰ, বোম্বাই, খড়গপুৰ. পাল্লাকাড আৰু যোধপুৰে আই আই টি গান্ধীনগৰ, বি এইছ ইউ, দিল্লী, ইন্দোৰ আৰু ধাৰৱাডক ২-০ ব্যৱধানত পৰাস্ত কৰে। ইফালে অন্য এখন খেলত আই আই টি ৰূপাৰে আই আই টি ধনবাদক ২-১ৰ ব্যৱধানত পৰাস্ত কৰে। বাস্কেট বলত আই আই টি ৰ'কী আৰু বি এইছ ইউৱে ক্ৰমে আই আই টি গুৱাহাটী আৰু খড়গপুৰক ৩৪-৭ আৰু ৪৩-৪২ৰ ব্যৱধানত পৰাস্ত কৰে।

ল'ন টেনিছৰ ৪খন কোৱাৰ্টাৰ ফাইনেলৰ দুখন দেওবাৰে অনুষ্ঠিত হয়। য'ত আই আই টি বোম্বাই আৰু আই আই টি ৰ'কীয়ে দিল্লী আৰু যোধপুৰক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। দেওবাৰে অনুষ্ঠিত ভাৰাত্তোলনৰ ৬৯ কেজি শাখাত আয়োজন দলৰ সদস্য দীপক মৌৰ্যই দ্বিতীয়টো স্বৰ্ণপদক অৰ্জন কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in