আই আই টি গুৱাহাটীৰ সঞ্চালকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ, VIDEO

আই আই টি গুৱাহাটীৰ সঞ্চালকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ, VIDEO

ডিজিটেল সংবাদ, উত্তৰ গুৱাহাটীঃ দেশৰ প্ৰযুক্তি বিদ্যাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আই আই গুৱাহাটীত ছাত্ৰ ছাত্ৰীৰ হাল্লাবোল। আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি চিঠাৰামৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক শিক্ষাৰ্থীয়ে। আই আই টি গুৱাহাটীৰ ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিং বিভাগৰ সহযোগী অধ্যাপক ড০ বি কে ৰায়ক নিলম্বন কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আই আই টিৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী। দীৰ্ঘদিন ধৰি আই আই গুৱাহাটীত চলি থকা দুনীৰ্তিৰ বিৰুদ্ধে বিগত সময়ছোৱাত মাত মাতি আহিছে সহযোগী অধ্যাপক ডাঃ বি কে ৰায়ে। শেহতীয়াভাৱে ইছৰ'ৰ মুৰব্বীলৈ আই আই টিত চলি থকা দুৰ্নীতিৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তথ্য সম্বলিত পত্ৰ লিখিছিল অধ্যাপক ৰায়ে।

দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিয়েই আই আই টি গুৱাহাটীৰ সঞ্চালকৰ ৰোষত পৰিল অধ্যাপক গৰাকী। উল্লেখ্য যে, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহাৰ বাবে অধ্যাপক গৰাকীক নিলম্বন কৰাৰ প্ৰস্তুতিৰ কথা ওলোৱাৰ সময়তে আই আই টিৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে হাতে-হাতে মমবাতি লৈ প্ৰতিবাদী সমদল উলিয়ায়। অধ্যাপক ৰায়ৰ নিলম্বন উঠাই লবলৈ "আমাক ন্যায় লাগে", "এয়াই কোৱাৰ উত্তম সময়" আদি বিভিন্ন শ্লোগানে আই আই টিৰ চৌহদৰ পৰিৱেশ উত্তাল কৰি তোলে। নিলম্বন উঠাই নললে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিয়ে শিক্ষাৰ্থীসকলে।

আনহাতে আই আই টি গুৱাহাটীত যোৱা চাৰিমাহ পূৰ্বে টি জি চিঠাৰামে সঞ্চালক হিচাপে যোগদান কৰাৰ পিছৰে পৰা শিক্ষা প্ৰতিষ্ঠানখনিত সংঘটিত হৈ আহিছে বিভন্ন ঘটনা। ইফালে আই আই টি গুৱাহাটী পৰিচালনা কৰাত সঞ্চালক হিচাপে টি জি চিঠাৰামে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলিও ক্ষোভ উজাৰিলে প্ৰতিষ্ঠানখনিৰ উচ্চ শিক্ষিত ছাত্ৰ-ছাত্ৰী সকলে।

অধ্যাপক ড০ বি কে ৰায়ক নিলম্বন কৰাৰ সিদ্ধান্তৰ সন্দৰ্ভত আই আই টিৰ জন সম্পৰ্কৰক্ষী বিষয়া লৱণু কোৱৰক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, অধ্যাপক ড০ বি কে ৰায়ক নিলম্বনৰ বৰ্তমানলৈ কোনো জাননী প্ৰকাশ পোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in