শেহতীয়া খবৰ
নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন...  •  সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  সোমবাৰৰ দৃশ্যঃ ৰে’লৰ পৰা নামি পলাল যাত্ৰী, গেলামালৰ দোকানত ভিৰ, ঘৰৰ চৌহদত মাছ-মাংসৰ বজাৰ...  •  অৱশেষত ছিগিল গোৱালপাৰাৰ জলেশ্বৰৰ বিধ্বস্ত নদীবান্ধ, ডেৰ শতাধিক ৰাজহ গাঁও ভীতিগ্ৰস্ত...

বিশ্বৰ প্ৰযুক্তিবিদ্যাৰ উচ্চ শিক্ষানুষ্ঠানৰ ৰেংকিঙত আই আই টি গুৱাহাটীৰ অগ্ৰগতি….

372

ডিজিটেল ডেস্কঃ কোৰোনা আৰু বাঘজানৰ পৰিস্থিতিক লৈ ৰাজ্যবাসী চিন্তিত হৈ থকাৰ মাজতে আগশাৰীৰ প্ৰযুক্তিবিদ্যাৰ শিক্ষা প্ৰতিষ্ঠান আই আই টিৰ গুৱাহাটীৰ সাফল্য এটা খবৰ। সমগ্ৰ বিশ্বৰ প্ৰযুক্তিবিদ্যাৰ শিক্ষা প্ৰতিষ্ঠান ভিতৰত ২০২১বৰ্ষত আই আই টি গুৱাহাটীৰ স্থান (Quacquarelli Symonds) ৪৭০লৈ অগ্ৰগতি লাভ কৰিছে। উল্লেখ্য যে, ২০২০চনত আই আই টি গুৱাহাটীৰ স্থান আছিল ৪৯১।

গুৱাহাটী আই আই টিৰ অধীক্ষকগৰাকীয়ে এই বিষয়ৰ সন্দৰ্বত সদৰি কৰে যে, আই আই টি গুৱাহাটীৰ ৰেংকিঙৰ অগ্ৰগতিৰ বাবে আমি আন্তৰাষ্ট্ৰীয় শিক্ষাৰ্থীক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছো। লগতে শিক্ষাগত বিভিন্ন বিষয় সংষ্কাৰৰ বাবেও কাম কৰি আছো।

উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ Quacquarelli Symonds ৰেংকিঙত ভাৰতৰ আৰু তিনিখন প্ৰযুক্তিবিদ্যাৰ শিক্ষা প্ৰতিষ্ঠানে ২০০ৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে। আই আই টি বম্বে’ই ১৫২সংখ্যক স্থান, আই আই টি বেংগালুৰুয়ে ১৮৪ আৰু দিল্লী আই আই টিয়ে দখল কৰিছে ১৮২ সংখ্যক স্থান।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি