শেহতীয়া খবৰ
পুনৰ বৃ্দ্ধিঃ ৰাজ্যত আকৌ ৫১গৰাকীৰ দেহত কোৰোনা... • হাতী-মানুহৰ সংঘাত: নাৰায়ণপুৰত হাহাকাৰ অৱস্থা… • মঙলদৈৰ অল্পনাৰ জীৱন সংগ্ৰামঃ বাৰীৰ কঁচু-ঢেকীয়া বিক্ৰী কৰি পোহপাল দিছে পিতৃ-মাতৃক... • জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO

১০ মাহৰ বাবে BCCIত চলিব পাৰে গাংগুলীৰ ‘দাদাগিৰি’! যুটীয়া সচিব পদত অসম সন্তান…

20,203

ডিজিটেল ডেস্কঃ সৌৰভ গাংগুলী হব পাৰে বি চি চি আইৰ নতুন অধ্যক্ষ। চৰ্চা চলিছে যে বি চি চি আইৰ নতুন অধ্যক্ষৰ দৌৰত প্ৰাক্তন ক্ৰিকেটাৰ বৃজেশ পেটেলতকৈ সৌৰভ গাংগুলী আছে আগত। ৪৭ বছৰীয়া সৌৰভ গাংগুলী বৰ্তমান ক্ৰিকেট এছ’চিয়েচন অৱ বেংগল (চিএবি)ৰ অধ্যক্ষ। যদিহে বিচিচিআইৰ অধ্যক্ষ হিচাপে তেঁও নিৰ্বাচিত হয় তেন্তে ২০২০ ছেপ্টেম্বৰলৈ অথাৎ ১০ মাহৰ বাবেহে এই পদত অধিষ্ঠিত হৈ থাকিব।

ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ হ’ব পাৰে বি চি চি আইৰ নতুন সচিব। কেন্দ্ৰীয় মন্ত্ৰী আৰু বিচিচিআইৰ প্ৰাক্তন অধ্যক্ষ অনুৰাগ ঠাকুৰৰ ভাতৃ অৰুণ ধুমল BCCIৰ কোষাধ্যক্ষ হোৱাৰ পথ ইতিমধ্যে মুকলি হৈছে।

অসমৰ বাবে ভাল খবৰ যে, বি চি চি আইৰ নতুন কমিটিত অসমৰ দেৱজিৎ শইকীয়া যুটীয়া সচিব হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, বি চি চি আই বৰ্ডৰ নিৰ্বাচনৰ সোমবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি