শেহতীয়া খবৰ
ৰঞ্জন দৈমাৰীৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  ২৩ মাৰ্চলৈ পিছুওৱা হৈছে দিল্লীৰ শ্বাহীন বাগৰ পৰা প্ৰতিবাদকাৰীক আতৰোৱাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিন  •  পথৰ পৰা যাত্ৰীসহ নদীত পৰিলগৈ বাছ, বৰ্তমানেও পানীত আবদ্ধ বাছখনৰ কেবাজনো লোকৰ মৃত্যুৰ আশংকা...  •  দিল্লীত 'কা' বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত  •  দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...  •  দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক...  •  দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক...

ৰাহুল গান্ধীয়ে যদি বিনোদনৰ বাবে জম্মু-কাশ্মীৰলৈ যাব বিচাৰে, তেন্তে সকলো ব্যৱস্থা কৰি দিয়া হ’বঃ সঞ্জয় ৰাউট

599

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলুপ্তিৰ পাছত ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ ল’বলৈ ৰাহুল গান্ধীৰ নেতৃত্বত যোৱা বিৰোধী দলটোক শনিবাৰে শ্ৰীনগৰ বিমান বন্দৰৰ পৰাই উভতাই পঠিওৱাৰ পিছত জম্মু-কাশ্মীৰৰ পৰিস্থিতি বৰ্তমানো সুস্থিৰ হৈ উঠা নাই বুলি দাবী কৰিছে কংগ্ৰেছকে ধৰি বিৰোধি দল সমূহে। তেনে পৰিস্থিতিৰ এনডিএ সহযোগী দল শিৱসেনাৰ জ্যেষ্ঠ নেতা তথা সাংসদ সঞ্জয় ৰাউটে ৰাহুল গান্ধীক কটাক্ষ কৰি তেওঁ যদি আনন্দ উপভোগৰ বাবে জম্মু-কাশ্মীৰলৈ যাব বিচাৰে, তেন্তে তাৰ বাবে ব্যৱস্থা কৰি দিয়া হ’ব বুলি মন্তব্য কৰে।

সঞ্জয় ৰাউটে কয়, ‘জম্মু-কাশ্মীৰত ৰাহুল গান্ধীয়ে নেতা হিচাবে গ’লে সেয়া বিপজ্জনক হ’ব পাৰে বুলি ভাবিয়েই তেওঁ আৰু তেওঁৰ সহযাত্ৰীসকলক উভতাই পঠিওৱা হয়। কিন্তু যদি ৰাহুল গান্ধীয়ে যদি বিনোদন আৰু পৰ্যটনৰ বাবে জম্মু-কাশ্মীৰলৈ যাব বিচাৰে, তেন্তে মই পৰ্যটন বিভাগক অনুৰোধ কৰিব পাৰো যাতে তেওঁৰ বাবে সেই ব্যৱস্থা কৰি দিয়া হয়।’

উল্লেখ্য যে, শনিবাৰে জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ বুজ ল’বলৈ যোৱা কংগ্ৰেছ, জেডিএছ, ডিএমকে, তৃণমূল কংগ্ৰেছ, এনচিপি, আৰজিডিৰ এটা দল শ্ৰীনগৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে তেওঁলোকক পুনৰ দিল্লীলৈ ঘূৰাই পঠিওৱা হয়। ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যাপাল মালিকে নিজেই ৰাহুল গান্ধীক ধাৰা ৩৭০ উঠাই লোৱাৰ পিছত ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ ল’বলৈ আমন্ত্ৰণ জনাইছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি