দিল্লীৰ হিংসা ঘটনাত কোনো আপ নেতা দোষী সাব্যস্ত হ’লে দুগুণ শাস্তি বিহা হ’বঃ মুখ্যমন্ত্ৰী কেজৰিৱাল

দিল্লীৰ হিংসা ঘটনাত কোনো আপ নেতা দোষী সাব্যস্ত হ’লে দুগুণ শাস্তি বিহা হ’বঃ মুখ্যমন্ত্ৰী কেজৰিৱাল

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় সুৰক্ষাৰ নামত কোনো ৰাজনীতি হ'ব নোৱাৰে। ভুল কৰিলে শাস্তি পাবই লাগিব। -এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। উত্তৰ পূব দিল্লীত অব্যাহত থকা হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত বৃহস্পতিবাৰে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় যে, যদি কোনো নেতা দোষী সাব্যস্ত হয়, তেন্তে তেওঁক শাস্তি প্ৰদান কৰা হ'ব। ৰাজনীতি আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সম্পূৰ্ণ পৃথক বিষয়। গতিকে ৰাষ্ট্ৰীয় সুৰক্ষাৰ নামত ৰাজনীতি কৰিলে সেয়া কেতিয়াও মানি ল'ব নোৱাৰি। আনহাতে যদি কোনো আম আদমী পাৰ্টীৰ নেতা দোষী সাব্যস্ত হয়, তেন্তে তেনে নেতাক সাধাৰণ শাস্তিতকৈ দুগুণ অধিক শাস্তি প্ৰদান কৰা হ'ব বুলিও মন্তব্য কৰে কেজৰিৱালে।

উল্লেখ্য যে, ৰাজনৈতিক নেতাৰ প্ৰৰোচিত মন্তব্যৰ পৰিপ্ৰেক্ষিততে দিল্লীৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনাৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে উত্তৰ পূব দিল্লীত ৩০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। আহত হৈছে আন বহু লোক। দিল্লীৰ পৰিস্থিতি সন্দৰ্ভত বুধবাৰে নিশা দিল্ল উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ মুৰুলীধৰে প্ৰৰোচিত মন্তব্য কৰা বিজেপিৰ ৩ নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ দিছিল যদিও পৰৱৰ্তী সময়ত ন্যায়াধীশগৰাকীকহে পঞ্জাৱ হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in