ব্ৰহ্মপুত্ৰৰ বুকুত উমানন্দ ঘাটত উদ্ধাৰ ৩৭টা ভগৱানৰ মূৰ্তি…

ব্ৰহ্মপুত্ৰৰ বুকুত উমানন্দ ঘাটত উদ্ধাৰ ৩৭টা ভগৱানৰ মূৰ্তি…
  • মহানগৰীৰ উমানন্দ ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত ভগৱানৰ মূৰ্তি উদ্ধাৰ।
  • প্ৰথমাৱস্থাত এজন লোকে উদ্ধাৰ কৰে এটা মূৰ্তি।
  • তাৰ পিছতে লোকজনে খবৰ দিয়ে আৰক্ষীক।
  • আৰক্ষী অহাৰ পিছতে মুঠ ৩৭ টা মূৰ্তি উদ্ধাৰ কৰা হয়।
  • অধিকাংশ মূৰ্তিয়ে পিতলৰ বুলি জানিব পৰা গৈছে।
  • লোকজনে গা ধুবলৈ আহোঁতে এটা মূৰ্তি প্ৰথমে ভৰিত লাগিছিল।
  • তাৰ পিছতে কেবাজনো লোকৰ সহায়ত বিচাৰোতে উদ্ধাৰ কৰে মূৰ্তিসমূহ।
  • মূৰ্তিসমূহ কোনে-কেতিয়া নি পানীত পেলালে সেই কথা জানিব পৰা হোৱা নাই।
  • আৰক্ষীয়ে এইয়া চুৰি মূৰ্তি বুলি সন্দেহ কৰিছে।
  • মূৰ্তি চাবৰ বাবে বহুলোকে ভিৰ কৰে।
  • দুপৰীয়া প্ৰায় ১.৩০ বজাত প্ৰথমে লোকজনে মূৰ্তিৰ সন্ধান লাভ কৰিছিল।
  • মূৰ্তি কেইটা উদ্ধাৰ কৰি লতাশিল আৰক্ষীয়ে থানালৈ লৈ আহে বুলি জানিব পৰা গৈছে।
  • মূৰ্তিসমূহৰ লগতে উদ্ধাৰ কৰা হৈছে ত্ৰিশূল আৰু শংখও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in