আই চি চি মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা…

আই চি চি মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা…

ডিজিটেল ডেস্কঃ নিউজিলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আইচিচি মহিলা বিশ্বকাপ-২০২২ৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে।ঘোষিত ভাৰতীয় দলটোৰ নেতৃত্ব প্ৰদান কৰা হৈছে মিতালী ৰাজক।আনহাতে দলটোৰ উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে হৰমনপ্ৰীত কৌৰক ।

মুঠ ১৫ জনীয়া সদস্যৰে গঠিত ভাৰতীয় দলটোত ৰিচা ঘোষ আৰু তানিয়া ভাটিয়াক উইকেটকিপাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। ইফালে ভাৰতীয় দলটোত জেমাইমা ৰড্ৰিগছ, শিখা পাণ্ডে, হাৰলীন দেওল, ৰাধা যাদৱ, বেদ কৃষ্ণমূৰ্তিৰ দৰে খেলুৱৈয়ে স্থান লাভ নকৰা বিষয়টোৱেও চৰ্চা লাভ কৰিছে। জেমিমাই ইংলেণ্ডত খেলা হাণ্ড্ৰেড আৰু বিগ বেছ লীগত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল।

ঘোষিত ভাৰতীয় দলটোত চাব্বিনি মেঘনা, একতা বিষ্ট আৰু চিমৰণ দিল বাহাদুৰক ষ্টেণ্ডবাই খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছে।টীম ইণ্ডিয়াৰ বিশ্বকাপৰ প্ৰথমখন খেল ৬ মাৰ্চ, ২০২২ ত পাকিস্তানৰ বিৰুদ্ধে হ'ব। তাৰ পিছত দলটোৱে ১০ মাৰ্চত নিউজিলেণ্ড, ১২ মাৰ্চত ৱেষ্ট ইণ্ডিজ, ১৬ মাৰ্চত ইংলেণ্ড, ১৯ মাৰ্চত অষ্ট্ৰেলিয়া, ২২ মাৰ্চত বাংলাদেশ আৰু ২৭ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ সৈতে মুখামুখি হ'ব।

ভাৰতীয় দলটোৱে বিশ্বকাপৰ আগতে নিউজিলেণ্ডৰ বিৰুদ্ধে এখন এদিনীয়া শৃংখলাও খেলিব। এই শৃংখলাটো ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। আই চি চি মহিলা বিশ্বকাপ-২০২২ লীগ ফৰ্মেটত অনুষ্ঠিত হ'ব। সকলো দলে এটাই আনটোৰ বিপক্ষে এখনকৈ মেচ খেলিব। বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল ৩০ মাৰ্চত ৱেলিংটনত অনুষ্ঠিত হ'ব। দ্বিতীয়খন ছেমি ফাইনেল ৩১ মাৰ্চত হেগল ওভালত আৰু ফাইনেল খন ৩ এপ্ৰিলত অনুষ্ঠিত হ'ব।

ঘোষিত ভাৰতীয় দলটোঃ মিতালী ৰাজ (অধিনায়ক), হৰমনপ্ৰীত কৌৰ (উপ-অধিনায়ক), স্মৃতি মান্ধানা, শেফালী বাৰ্মা, যস্তিকা ভাটিয়া, দীপ্তি শৰ্মা, ৰিচা ঘোষ (উইকেটকিপাৰ), স্নেহ ৰাণা, ঝুলন গোস্বামী, পূজা বস্ত্ৰকাৰ, মেঘনা সিং, ৰেণুকা সিং ঠাকুৰ, তানিয়া ভাটিয়া (উইকেটকিপাৰ), ৰাজেশ্বৰী গায়কৱাড় আৰু পোনম যাদৱ।

ষ্টেণ্ডবাই খেলুৱৈ: চাব্বিনি মেঘনা, একতা বিষ্ট আৰু চিমৰণ দিল বাহাদুৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in