২০০৭ চনৰ টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতক বিজয়ৰ মুকুট পিন্ধুওৱা এইগৰাকী ক্ৰিকেটাৰ এতিয়া যুঁজিছে কোৰোনাৰ বিৰুদ্ধে

২০০৭ চনৰ টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতক বিজয়ৰ মুকুট পিন্ধুওৱা এইগৰাকী ক্ৰিকেটাৰ এতিয়া যুঁজিছে কোৰোনাৰ বিৰুদ্ধে

ডিজিটেল ডেস্কঃ এসময়ত তেওঁ ক্ৰিকেটৰ জগতত বলেৰে যাদু দেখুৱাইছিল। প্ৰতিজন ক্ৰীড়াপ্ৰেমীয়ে অপেক্ষা কৰিছিল তেওঁৰ খেল চাবলৈ। এতিয়া তেওঁ কোৰোনাৰ বিৰুদ্ধে যুঁজ দিছে। গৃহৰাজ্যখনক কোৰোনাৰ সন্ত্ৰাসৰ পৰা মুক্ত কৰাৰ বাবে প্ৰতিপল যুঁজ কৰি গৈছে। লক্ষ্য কেৱল এটাই কেনেকৈ কোৰোনাৰ পৰা ৰক্ষা পৰিব হাৰিয়ানা। দিনে-নিশাই হাৰিয়ানা পুলিচৰ হৈ কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতীয় ক্ৰিকেট কাউন্সিলে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমান ৰাজ্যখনৰ আৰক্ষীৰ ডিএছপি যোগিন্দৰ শৰ্মাক "ৰিয়েল হিৰ'''ৰ সন্মানেৰে সন্মানিত কৰিছে।

শনিবাৰে ভাৰতীয় ক্ৰিকেট কাউন্সিলে ২০০৭ বৰ্ষৰ টি-২০ বিশ্বকাপৰ ভাৰতৰ হিৰ' খ্যাতি লাভ কৰা যোগিন্দৰ শৰ্মাক ৰিয়েল হিৰ' সম্বোধন কৰি এক টুইট কৰে। বিশ্বক বিপদলৈ ঠেলি দিয়া কোৰোনাৰ বিৰুদ্ধে দেশজুৰি যুঁজ কৰা আৰক্ষী বিষয়াসকলৰ ভিতৰত এগৰাকী হিচাপে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে অজস্ৰজনৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ২১ দিনীয়া লকডাউনৰ সময়ত আইন অমান্যকাৰীসকলক বুজনি দি কেনেকৈ কোৰোনাৰ সৈতে যুঁজ কৰিব লাগে সেই পৰামৰ্শ দিছে যোগিন্দৰ শৰ্মাই।

২০০৭ চনৰ প্ৰথম টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ মুখ্য সদস্য আছিল যোগিন্দৰ শৰ্মা। ফাইনেল খেলখনত পাকিস্তানৰ বিৰুদ্ধে শেষ অভাৰত ভাৰতক বিজয় মুকুট পিন্ধোৱা ক্ৰিকেটাৰ যোগিন্দৰ শৰ্মাই এইকেইদিন কোৰোনা ভাইৰাছৰ দৰে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ হাৰিয়ানা আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা সন্মুখ সমৰত অৱৰ্তীণ হৈছে। তেওঁ সজাগতা, সতৰ্কতাৰ হকে দিন-ৰাতি একাকাৰ কৰি দেশমাতৃৰ বাবে যুঁজি আছে।

২০০৭ চনৰ টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা খেলখনৰ সেই বিশেষ অভাৰটোত তেওঁ মিছবাহ-উল-হকৰ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। ভাৰতে ৫ ৰানত খেলখনত জয়ী হৈছিল। উল্লেখ্য যে, দেশত কোৰোনা ভাইৰাছৰ বাবে এতিয়ালৈকে আক্ৰান্ত হৈছে ১০৪৫জন লোক। ইফালে ২৬ গৰাকী লোকৰ মৃত্যু হৈছে। এই সময়চোৱাত কোৰোনাৰ সংক্ৰমণ নহ'বলৈ লকডাউন ঘোষণা কৰা হৈছে যদিও জৰুৰীকালীন সেৱাৰে জড়িত লোকসকলে দিন-ৰাতি একাকাৰ কৰি কাম কৰি আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in