২০১৯ৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে আন এখন ফাইনেল!

২০১৯ৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে আন এখন ফাইনেল!

ডিজিটেল ডেস্কঃ দেওবাৰে ক্ৰিকেট বিশ্বকাপত সমুখ সমৰত ভাৰত-পাকিস্তান। এইবৰ্ষৰ বিশ্বকাপৰ আটাইতকৈ ৰোমাঞ্চকৰ খেলখনৰ বাবে অপেক্ষাৰত ক্ৰিকেট প্ৰেমীসকল। ক্ৰিকেট বিশ্বকাপত ভাৰতৰ সন্মুখত বিজয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হৈ প্ৰতিবাৰেই পৰাজয়বৰণ কৰিবলগীয়া হৈছে পাকিস্তানে।
১৯৯২ চনৰ পৰা ২০১৫ চনৰলৈকে যদিও মুঠ ৬খন খেলত দুয়োটা দল মুখামুখি হৈছে ইয়াৰে আটাইকেইখন খেলতে ভাৰতে জয় লাভ কৰিছে।

অৱশ্যে এদিনীয়া ক্ৰিকেটৰ ক্ষেত্ৰত এই কথা কিছু পৰিমাণে ব্যতিক্ৰম। এদিনীয়া খেলত দুয়োটা দলে অৱতীৰ্ণ হোৱা মুঠ ১৩১ খন খেলৰ ভিতৰত পাকিস্তানে ৭৩ খন আৰু ভাৰতে ৫৪ খন খেলত জয়ী হৈছে। কিন্তু বিশ্বকাপত ভাৰতৰ সন্মুখত তিষ্টিব পৰা নাই পাকিস্তান। বিগত ২৬ বছৰৰ পৰা বিজয়ৰ মুকুট শিৰত লৈ থকা ভাৰতে দেওবাৰে জয়ী হৈ পুনৰবাৰ পাকিস্তানক পৰাজিত কৰিবলৈ প্ৰস্তুতি চলাইছে।

১৯৯২ চনত ছিদনীত অনুষ্ঠিত ক্ৰিকেট বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰত ৪৩ ৰাণত জয়ী হৈছিল। ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৭ টা উইকেত হেৰুৱাই সংগ্ৰহ কৰিছিল ২১৬ ৰাণ। প্ৰথমবাৰৰ বাবে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ৱৰ্ল্ডকাপত অৱতীৰ্ণ হৈ জয়ী হোৱা খেলখনত শচীন তেণ্ডুলকাৰে সংগ্ৰহ কৰিছিল ৫৪ ৰান আৰু অজয় জাদেজাই কৰিছিল ৪৬ ৰান। কিন্তু এই ৰানৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিলে পাকিস্তান।

বাংগালুৰুত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটত ১৯৯৬ চনত ৩৯ ৰানত জয়লাভ কৰিছিল ভাৰতে। পাকিস্তানৰ বিৰুদ্ধে খেলখনত ভাৰতে বান্ধি দিয়া ২৮৮ ৰানৰ লক্ষ্যৰ বিপৰীতে ২৪৮ ৰানহে কৰিবলৈ সক্ষম হৈছিল পাকিস্তান। ভাৰতৰ হৈ নৱজোৎ সিং সিদ্ধুৱে সৰ্বোচ্চ ৯৩ ৰান সংগ্ৰহ কৰাৰ লগতে সৰ্বাধিক ৪৫ ৰান দি ৩টা উইকেট দখল কৰে ভেংকেতেশ প্ৰসাদে।

মানচেষ্টাৰত অনুষ্ঠিত ১৯৯৯ চনৰ ক্ৰিকেট বিশ্বকাপৰ আছে বিশেষ বৈশিষ্ট। কাৰ্গিল যুদ্ধ চলি থকাৰ সময়তে অনুষ্ঠিত হৈছিল ভাৰত-পাকিস্তানৰ মাজত খেল। নিৰ্ধাৰিত ৫০ অভাৰত ৬ টা উইকেত হেৰুৱাই ভাৰতে ২২৭ ৰান সংগ্ৰহ কৰিছিল মেচখনত। কিন্তু সেই খেলখনত ১৮০ ৰাণ সংগ্ৰহ কৰিয়ে আটাইকেইটা উইকেত হেৰুৱাইছিল ভাৰতে। য'ত ভাৰতৰ হৈ ৰাহুল দ্ৰাবিড় আৰু মহম্মদ আজহাৰুদ্দিনে দুটাকৈ অৰ্ধশতক অৰ্জন কৰিছিল। পাকিস্তানক হৰুৱাবৰ বাবে ভেংকেতেশ প্ৰসাদে ৫টা উইকেত দখল কৰি দলটোক সহায় কৰিছিল।

২০০৩ চনৰ বিশ্বকাপত ভাৰত পাকিস্তানৰ চেন্সুৰিয়নত অনুষ্ঠিত খেলখনত শচীন তেণ্ডুলকাৰে ৭৫ টা বলত ৯৮ ৰান সংগ্ৰহ কৰিছিল। পাকিস্তানৰ নিৰ্ধাৰিত ২৭৪ ৰানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ভাৰতক সহায় কৰিছিল তেণ্ডুলকাৰে সংগ্ৰহ কৰা ৰানে। ভাৰতে ৬ উইকেটত জয়ী হোৱা খেলখনত ভবাৰ দৰে সফল হোৱা নাছিল পাকিস্তান।

ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰে পুনৰবাৰ নিজৰ খেলত যাদু দেখুৱাইছিল ২০১১ চনৰ বিশ্বকাপত। মেচখনত খেলুৱৈ গৰাকীয়ে ৮৫ ৰান সংগ্ৰহ কৰাৰ ফলত ভাৰতে ২৬০ ৰানৰ টাৰ্গেট পাকিস্তানৰ সন্মুখত বান্ধি দিবলৈ সক্ষম হৈছিল। মহালিত অনুষ্ঠিত খেলখনত ২৯ ৰানত ভাৰত জয়ী হৈ পৰৱৰ্তী সময়ত শ্ৰীলংকাক হৰুৱাই ভাৰত চেম্পীয়ন হৈছিল।

প্ৰতিবাৰে বিশ্বকাপত ভাৰতক হৰুৱাবলৈ চেষ্টা কৰি থকা পাকিস্তানে ২০১৫ চনতো সন্মুখীন হৈছিল পৰাজয়ৰ। বিৰাট কোহলীয়ে প্ৰথমবাৰৰ বাবে শতক অৰ্জন কৰিবলৈ সক্ষম হোৱা খেলখনত ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ৩০০ ৰাণ। এডিলেইডত অনুষ্ঠিত হোৱা খেলখনত ৭৬ ৰানত জয়ী হৈছিল ভাৰত।

২০১৯ চনৰ বিশ্বকাপত সকলো লোকৰে দৃষ্টি নিবদ্ধ থাকিব দেওবাৰৰ হাই ভল্টেজ খেলখনত। এই খেলখন সকলো ক্ৰীড়াপ্ৰেমীৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ খেল হিচাপে বিবেচিত হৈছে কিয়নো ভাৰত আৰু পাকিস্তানৰ বাবে এইবাৰৰ বিশ্বকাপৰ ফাইনেল খেলখনতকৈ কোনো গুণে কম নহ'ব এইখন মেচ। বতৰে যদি বিধি পথালি নিদিয়ে তেন্তে দেওবাৰে হয়তো ক্ৰিকেট বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত ৭-০ অথবা ৬-১ৰ এক নতুন সমীকৰণ দেখিবলৈ পোৱা যাব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in