ঈশান আৰু ইবনলৈ টীয়কত শ্ৰদ্ধাঞ্জলি

ঈশান আৰু ইবনলৈ টীয়কত শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ, টীয়কঃ বৃহস্পতিবাৰে গুৱাহাটীত অগ্নিকাণ্ডত নিহত হোৱা গুৱাহাটীৰ দুই শিশু ঈশান আৰু ইবনক লৈ ৰাজ্যজুৰি শোকৰ ছাঁ দেখিবলৈ পোৱা গৈছে। শুকুৰবাৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা, টীয়ক শাখা কবি সন্মিলন, টীয়ক বাণিজ্য সন্থাৰ উদ্যোগত তথা টীয়কবাসী ৰাইজৰ সহযোগত টীয়ক ৰাজ্যিক বাছ আস্থানৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হৈ যায়।

সকলো লোকে দুই নিহত শিশুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কাকজন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অশোক কুমাৰ পৰা, শিক্ষাবিদ হিমেন ভট্টাচাৰ্য, ৰবীন দুৱৰা, ৰমেন শৰ্মা, গীতিকাৰ অশোক কুমাৰ বৰা, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগ, টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপাংকৰ গগৈ, জনতা হাইস্কুলৰ প্ৰধান শিক্ষক অমল বৰা, টীয়ক আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি দিলীপ বৰা, সম্পাদক হেমন্ত শইকীয়া, টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা,টীয়ক বাণিজ্য সন্থাৰ সভাপতি সঞ্জীৱ সভাপণ্ডিত, সম্পাদক অঞ্জন প্ৰকাশ বৰুৱা, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, টীয়ক শাখা সাহিত্য সভাৰ সম্পাদক প্রশিল কুমাৰ বৰা, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থ প্ৰতিম চুতীয়া, কাৰ্যকৰী সভাপতি উজ্জ্বল সাধনিদাৰ, সম্পাদক বিশ্বজিত বৰা, টীয়ক আছুৰ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, উপ সভাপতি ৰক্তিম হাজৰিকা, সহকাৰী সম্পাদক দীপাংকৰ বেজবৰাকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in