কোনে হত্যা কৰিছিল দিল্লীৰ চোৰাংচোৱা বিষয়া অংকিত শৰ্মাক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰক তথ্য…

কোনে হত্যা কৰিছিল দিল্লীৰ চোৰাংচোৱা বিষয়া অংকিত শৰ্মাক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰক তথ্য…

ডিজিটেল ডেস্কঃ দিল্লীৰ চোৰাংচোৱা (আই বি) বিষয়া অংকিত শৰ্মাৰ হত্যাকাণ্ড ক্ৰমাৎ ৰহস্যৰ মাজত সোমাই পৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পিছতে বিষয়াগৰাকীৰ হত্যাৰ প্ৰসংগত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। মৃত্যু হোৱাকৈ কেবাবাৰো তেওঁৰ শৰীৰত আঘাট কৰা হৈছিল। উল্লেখ্য যে, মঙলবাৰৰ পৰা নিখোজ হৈ আছিল চোৰাংচোৱা বিষয়া অংকিত শৰ্মা। তাৰ পিছতে বুধবাৰে উত্তৰ দিল্লীৰ চান্দ বাঘ এলেকাৰ এটা নলাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

অংকিত শৰ্মাৰ পিতৃ দেবেন্দ্ৰ শৰ্মাও চোৰাংচোৱা বিভাগত কৰ্মৰত। তেওঁ পুত্ৰ হত্যাৰ অভিযোগ তুলিছে আপ নেতা তাহিৰ হুছেইনৰ বিৰুদ্ধে। পিতৃয়ে জনোৱা অনুসৰি, অংকিত শৰ্মা মঙলবাৰে সন্ধিয়া ৫.৩০ বজাত ঘৰলৈ আহিছিল। তাৰ পিছতে পুনৰ পৰিস্থিতি বুজ লবলৈ ঘৰৰ পৰা ওলাই গৈছিল। ঘৰৰ পৰা ওলাই যোৱাৰ পিছত পুনৰ তেওঁ ঘূৰি নাহিল। লগে লগে আৰম্ভ কৰিলে বিচাৰ-খোচাৰ।

বুধবাৰৰ পুৱা ৩ বজা লৈকে তেওঁক পৰিয়ালৰ লোকে বিচৰাৰ পিছতো কোনো সন্ধান লাভ কৰা নাছিল। পুৱা ১০ বজাত অংকিত শৰ্মাৰ মৃতদেহ চান্দ বাঘ এলেকাৰ এটা নলাত পৰি থকা বুলি খবৰ লাভ কৰিছিল পৰিয়ালৰ লোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in