পাক সীমান্তত ভাৰতীয় বায়ু সেনাৰ বিমানৰ সামৰিক অনুশীলন…

পাক সীমান্তত ভাৰতীয় বায়ু সেনাৰ বিমানৰ সামৰিক অনুশীলন…

ডিজিটেল ডেস্কঃ সীমান্তত ভাৰতীয় বায়ু সেনাৰ অনুশীলন। বৃহস্পতিবাৰে নিশা পঞ্জাৱ আৰু জম্মু-কাশ্মীৰ সীমান্তৱৰ্তী অঞ্চলত এই অনুশীলনত ভাগ লয় ভাৰতীয় বায়ু সেনাৰ কেবাখনো বিমানে। এই সামৰিক অনুশীলনৰ সময়ত বায়ু সেনাৰ জেট যুঁজাৰু এয়াৰক্ৰাফ্ট আৰু ছুপাৰছনিক বিমানসমূহতে সীমান্তৱৰ্তী জিলাসমূহৰ ওপৰত চোকা নজৰ দিয়ে।

পঞ্জাৱৰ অমৃতসৰ উপকন্ঠ অঞ্চলটো দেখা পোৱা যায় ভাৰতীয় বায়ু সেনাৰ এই অনুশীলন। বায়ু সেনাৰ সূত্ৰই জানিবলৈ দিয়া মতে, পাকিস্তান বায়ু সেনাৰ যিকোনো আক্ৰমণ প্ৰতিৰোধৰ বাবে এইদৰে অনুশীলন অব্যাহত ৰাখিছে। ইতিমধ্যে হাইএলাৰ্ট জাৰি কৰি থোৱা আছে এই সীমান্তৱৰ্তী অঞ্চলসমূহত।

বালাকোট আক্ৰমণৰ পাছতেই পাক বায়ু সেনাই ভাৰতৰ ভূমিত আক্ৰমণ কৰিছিল। তাৰপাছত কিছুদিনৰ পূৰ্বে সীমান্তৰ অঞ্চলত পাক আকাশ মাৰ্গত পাকিস্তানী বায়ু সেনাই সামৰিক অনুশীলন কৰিছিল। এল অ চিৰ পৰা ১০ কিঃমিঃ নিলগত এই অনুশীলন কৰিছিল পাক বায়ু সেনাই। তাৰপাছতেই ভাৰতীয় বায়ু সেনাই বৃহস্পতিবাৰৰ নিশা এই অনুশীলন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in