নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে মোডীৰ সন্মুখতে আত্মহত্যা কৰিমঃ বিজেপি প্ৰাৰ্থীৰ ভাবুকি

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে মোডীৰ সন্মুখতে আত্মহত্যা কৰিমঃ বিজেপি প্ৰাৰ্থীৰ ভাবুকি

ডিজিটেল ডেস্কঃ ২০ খন ৰাজ্যৰ ৯১টা সমষ্টিত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ইফালে একে দিনাই অসমৰ শিলচৰত এক নিৰ্বাচনী জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সদম্ভে ঘোষণা কৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কথা। উত্তৰ-পূৰ্বাঞ্চলৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিব পৰা বিধেয়কখনৰ বিৰুদ্ধে বিগত বহুদিন ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদ। বিধেয়কখন বাতিল কৰাৰ আহ্বান জনাই বিভিন্ন দল-সংগঠন একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো এই প্ৰতিবাদৰ প্ৰতি কোনো কাণসাৰ দিয়া নাই শাসকীয় বিজেপিয়ে।

নিজৰ স্থিতিত অটল প্ৰধানমন্ত্ৰী, অমিত শ্বাহৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ সময়তে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখতে আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে লোকসভা নিৰ্বাচনত এইবাৰ বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এগৰাকী প্ৰাৰ্থীয়ে।

মেঘালয়ৰ শ্বিলং লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী চানবোৰ চুল্লাইয়ে বৃহস্পতিবাৰে সমষ্টিটোত ভোটগ্ৰহণ চলি থকাৰ মাজতে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে। জীয়াই থকালৈকে কোনো মূল্যৰ বিনিময়তে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ দিয়া নহ'ব বুলি দাবী কৰি প্ৰাৰ্থীগৰাকীয়ে কয়, 'লাগিলে মই প্ৰধানমন্ত্ৰীৰ সন্মুখত আত্মহত্যা কৰিম, কিন্তু তথাপিও বিধেয়ক গৃহীত হ'বলৈ নিদিও।'

উল্লেখ্য যে, অসমত নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে এদিন বিজেপিৰ সৈতে মিত্ৰতা ত্যাগ কৰিছিল অগপই। কিন্তু লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দলটোৱে অসমীয়াৰ বিশ্বাস, আস্থাক এফলীয়া কৰি থৈ পুনৰ বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰা পৰিলক্ষিত হয়। তেনে ক্ষেত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাটো অগপৰ কেৱল এক ৰাজনৈতিক স্বাৰ্থালাভৰ অভিসন্ধি বুলি সৰৱ আলোচনা চলিছে।

ইফালে, এইবাৰ শ্বিলং সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে নিজৰ দলীয় নেতৃত্বক দিয়া এই ভাবুকি প্ৰকৃততে ৰাজনৈতিক স্বাৰ্থালাভৰ অভিসন্ধি নে বাস্তৱ, সেয়া পৰৱৰ্তী সময়ত বিধেয়কখন প্ৰতিহত কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৰ দ্বাৰা পৰিলক্ষিত হ'ব। কিন্তু বৰ্তমানে বিজেপিৰ এগৰাকী সাংসদ প্ৰাৰ্থীয়ে সাংসদ হিচাপে জয়ী হোৱাৰ পূৰ্বেই দলৰ বিৰুদ্ধে সদম্ভে থিয় হোৱা কাৰ্যই বিজেপিৰ ভিতৰ চৰাতো যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, সেয়া নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in