মই কংগ্ৰেছত যোগদান নকৰোঃ স্বপ্না চৌধুৰী

মই কংগ্ৰেছত যোগদান নকৰোঃ স্বপ্না চৌধুৰী
  • হাৰিয়ানাৰ ডান্সাৰ স্বপ্না চৌধুৰীৰ কংগ্ৰেছ যোগদানৰ চৰ্চাত পৰিল যতি।
  • কংগ্ৰেছত যোগদানৰ খবৰ খাৰিজ কৰিলে নৃত্যশিল্পীগৰাকীয়ে।
  • 'মই কংগ্ৰেছত যোগ দিয়াৰ কোনো পৰিকল্পনা কৰা নাই।'
  • 'বহু দিন আগতে প্ৰিয়ংকা গান্ধীৰ সৈতে উঠা এখন ফটোৰ বাবেই চলিছে এই চৰ্চা।'
  • 'কিন্তু বৰ্তমান মই কংগ্ৰেছত মই যোগ দিম বুলি কোৱা নাই।'
  • 'এইবাৰ মই কোনো ৰাজনৈতিক দলৰ হৈও প্ৰচাৰ নচলাও।
  • সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে মন্তব্য কৰে স্বপ্না চৌধুৰীয়ে।
  • উল্লেখ্য যে, শনিবাৰে এখন ফটো প্ৰকাশৰ পিছতে স্বপ্না চৌধুৰীৰ কংগ্ৰেছত যোগদান সন্দৰ্ভত চৰ্চা চলিছিল।
  • আলোকচিত্ৰখনত উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সদস্য নৰেন্দ্ৰ ৰাথীৰ ওচৰত স্বপ্নাই এখন কাগজত হস্তাক্ষৰ থকা দেখিবলৈ পোৱা গৈছিল।
  • এই আলোকচিত্ৰখন প্ৰকাশৰ পিছতে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে তেওঁ সাক্ষাৎ কৰা বুলিও বাতৰি প্ৰকাশ পাইছিল।
  • দেওবাৰে এই আলোকচিত্ৰখন বহু পুৰণি বুলি সংবাদ মাধ্যমৰ সন্মুখত দাবী কৰে ডান্সাৰগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in