হায়দৰাবাদ এনকাউণ্টাৰ কাণ্ডঃ ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ উপস্থিত মানৱাধিকাৰ আয়োগৰ তদন্তকাৰী দল

হায়দৰাবাদ এনকাউণ্টাৰ কাণ্ডঃ ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ উপস্থিত মানৱাধিকাৰ আয়োগৰ তদন্তকাৰী দল

ডিজিটেল ডেস্কঃ হায়দৰাবাদত চিকিৎসক যুৱতীক বলাৎকাৰ কৰি জ্বলাই দিয়া ৪ অভিযুক্তক শুকুৰবাৰে পুৱতি নিশা আৰক্ষীয়ে এক এনকাউণ্টাৰত হত্যা কৰাৰ পিছতে দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোনো কোনোৱে যদি ৪ অভিযুক্তৰ হত্যাৰ পিছত আৰক্ষীৰ প্ৰশংসা কৰিছে, আন কোনেৱে আকৌ আৰক্ষীৰ এই কাৰ্যক লৈ সন্দেহো ব্যক্ত কৰিছে। ইয়াৰ মাজতে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত এক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্তকাৰী এটা দল হায়দৰাবাদলৈ প্ৰেৰণ কৰে। শনিবাৰে তদন্তকাৰী দলটো হায়দৰাবাদত উপস্থিত হোৱাৰ পিছত প্ৰথমে এনকাউণ্টাৰ সংঘটিত স্থলী পৰিদৰ্শন কৰিব আৰু তাৰ পিছত অভিযুক্ত কেইজনৰ মৃতদেহ ৰখা মহবুবনগৰৰ চৰকাৰী চিকিৎসালয়লৈ যাব।

উল্লেখ্য যে, ৪ বলাৎকাৰীৰ এনকাউণ্টাৰ সন্দৰ্ভত তেলেংগানা চৰকাৰৰ পৰা বিস্তৃত প্ৰতিবেদন বিচাৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। বিধানসভা অধিবেশন চলি থকাৰ পৰিপ্ৰেক্ষিতত যাতে গৃহমন্ত্ৰীয়ে উত্থাপন হ'বপৰা সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰে, তাৰ বাবে ঘটনা সন্দৰ্ভত সকলো তথ্য মজুত কৰি ৰাখিব গৃহ মন্ত্ৰণালয়ে।

ইফালে, তেলেংগানা এনকাউণ্টাৰ ঘটনাক লৈ একাংশ সমাজ কৰ্মীয়ে তেলেংগানা উচ্চ ন্যায়ালয়লৈ পত্ৰ লিখা বুলিও জানিব পৰা গৈছে। ন্যায়ালয়লৈ পত্ৰ লিখা সকলৰ ভিতৰত অন্যতম সমাজকৰ্মী সন্ধ্যা ৰাণীয়ে কয়, 'মহিলাৰ সৈতে দুষ্কৰ্ম কৰাৰ পিছত অভিযুক্তক নিৰ্মমভাৱে হত্যা কৰা হৈছে। আমি প্ৰকৃত দোষীক কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছো। কিন্তু এয়া নিশ্চিত নহয় যে হত্যা কৰা অভিযুক্ত কেইজনেই প্ৰকৃততে অপৰাধী আছিল। আমি আৰক্ষীৰ ওপৰত কেনেকৈ বিশ্বাস কৰিম?'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in