শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

ৰে’লৱেত চাকৰি পাবলৈ সোনকাল কৰক, খালী হৈছে লক্ষাধিক পদ

2,484

ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰিৰ সন্ধান কৰি থকা অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ বাবে ৰে’লৱে ভৰ্তি চেল (আৰআৰচি)-য়ে এক লাখৰো অধিক পদৰ পূৰণৰ বাবে নটিফিকেশ্যন (আৰআৰচি গ্ৰুপ ডি নটিফিকেশ্যন) জাৰি কৰিছে। আৰআৰচিৰ মুঠ ১ লাখ ৩ হাজাৰ ৭৬৯ টা পদ মুকলি কৰি দিছে ৰে’লেৱেয়ে। ৰে’লৱেয়ে এই নটিফিকেশ্যন আৰ আৰ বিৰ ৱেবচাইটৰ জৰিয়তে জাৰি কৰিছে।

১২ মাৰ্চৰ সন্ধিয়া ৫ বজাৰ পৰাই মুকলি কৰি দিয়া হ’ব আবেদন প্ৰক্ৰিয়া। অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে সন্ধিয়া ৫ বজাৰ পিছত আৰ আৰ বিৰ ৱেবচাইটলৈ গৈ পোনপোটীয়াভাৱে আবেদন দাখিল কৰিব কৰিব পাৰিব। অনলাইন আবেদনৰ অন্তিম সময়সীমা ১২ এপ্ৰিল, ২০১৯ৰ নিশা ১১.৫৯ বজালৈ। আবেদনকাৰী প্ৰাৰ্থীসকলে প্ৰথমে কম্পিউটাৰ আধাৰিত পৰীক্ষাত অৱৰ্তীৰ্ণ হ’ব লাগিব। ২০১৯ৰ চেপ্টেম্বৰ-অক্টোবৰ মাহত এই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। খালী পদ আৰু আৰু প্ৰয়োজনীয় অৰ্হতা এনেধৰণৰ-

মুঠ খালী পদৰ সংখ্যাঃ ১ লাখ ৩ হাজাৰ ৭৬৯ টা (আৰআৰচি গ্ৰুপ ডি লেভেল-১)

শিক্ষাগত অৰ্হতাঃ দশম শ্ৰেণী উত্তীৰ্ণ

আবেদনৰ সময়ত জমা দিব লগা মাচুলঃ
সাধাৰণ শ্ৰেণী- ৫০০ টকা
এছচি, এছটি, মহিলা, পিডব্লিউডি, সংখ্যালঘু আৰু আৰ্থিকভাৱে পিছপৰা বৰ্গ- ২৫০ টকা।

অনলাইন আবেদনৰ অন্তিম তাৰিখঃ ১২ এপ্ৰিল, ২০১৯, নিশা ১১.৫৯ বজালৈ।

আবেদন মাচুল জমা দিয়াৰ অন্তিম তাৰিখ আৰু সময়ঃ
নেট বেংকি, ক্ৰেডিট কাৰ্ড, ইউপিআই- ২৩ এপ্ৰিল, ২০১৯, নিশা ১১.৫৯ বজালৈ।
এছবিআই চালানঃ ১৮ এপ্ৰিল,২০১৯, দুপৰীয়া ১ বজালৈ।

সম্পূৰ্ণ আবেদনৰ সময়ঃ ২৬ এপ্ৰিল, নিশা ১১.৫৯ বজালৈ।

কম্পিউটাৰ আধাৰিত পৰীক্ষাৰ সময়ঃ চেপ্তম্বৰ-অক্টোবৰ, ২০১৯।

কেনেকৈ কৰিব আবেদনঃ

ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া ৱেবচাইটত সমূহলৈ গৈ আবেদন কৰিব পাৰিব।

RRB Ahmedabad RRB Ajmer RRB Allahabad RRB Bangalore RRB Bhopal RRB Bhubaneshwar RRB Bilaspur RRB Chandigarh RRB Chennai RRB Gorakhpur RRB Guwahati RRB Jammu RRB Kolkata RRB Malda RRB Mumbai RRB Muzaffarpur RRB Patna RRB Ranchi RRB Secunderabad RRB Siliguri RRB Thiruvananthapuram

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি