অতুল বৰাক ওফৰাবলৈ মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলেক সমৰ্থন দুকুৰি সংগঠনৰ…

অতুল বৰাক ওফৰাবলৈ মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলেক সমৰ্থন দুকুৰি সংগঠনৰ…

ডিজিটেল সংবাদ,ৰঙাগড়াঘাট : কেৱল মাত্ৰ আধাৰশিলাৰ ৰাজনীতিৰে জনতাক প্ৰতাৰণা কৰা, মহিলাক সুৰক্ষা দিব নোৱাৰা, দুৰ্নীতিৰ পাহাৰ গঢ়া বিধায়ক-মন্ত্ৰী অতুল বৰাক আগন্তুক ২০২১ৰ নিৰ্বাচনত উফৰাই এখন নতুন বোকাখাত গঢ়াৰ সংকল্পৰে দেওঁবাৰে বোকাখাতত লগ হয় সহস্ৰাধিক পুৰুষ-মহিলা৷ সাম্প্ৰদায়িক ৰাজনীতিত লিপ্ত থকা দল বিজেপিৰ নেগুৰত ধৰি আঞ্চলিক দলৰ চৰিত্ৰ নাইকিয়া কৰা অগপক বোকাখাতৰ পৰা উৎখাত কৰিবলৈ বোকাখাতৰ ৰঙাগড়াঘাটত সহস্ৰাধিক লোকে সংকল্প হয়৷

বোকাখাতত বিকল্প ৰাজনীতি হিচাপে কা বিৰোধী, দুৰ্নীতি বিৰোধী, বিজেপি বিৰোধী, অগপ বিৰোধী সকলোৰে ঐক্যবদ্ধতাৰে স্থানীয় উচ্চশিক্ষিত যুৱক প্ৰণৱ দলেক প্ৰক্ষেপৰ মাজেৰে দিশপুৰলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত সকলো ৰাইজ প্ৰতিজ্ঞাবদ্ধ হয়৷ উল্লেখ্য যে মুম্বাইৰ টাটা ইনষ্টিটিউটৰ পৰা সমাজ বিজ্ঞানত স্নাতকোত্তৰ প্ৰণৱ দলে ইতিমধ্যেই বোকাখাতৰ জীপাল কৃষক-শ্ৰমিক সংঘ নামৰ সংগঠনৰ যোগেদি ২০১৫ চনৰ পৰা বোকাখাতৰ আৰ্থ-সামাজিক, সাংস্কৃতিক বিষয়ত জনগণৰ স'তে চামিল হৈছে৷ অঞ্চলটোৰ জনগণৰ বিভিন্ন অভাৱ-অভিযোগ, চৰকাৰী পক্ষৰ হঠকাৰী নীতি তথা বিভিন্ন জলন্ত সমস্যাক চৰকাৰৰ সন্মুখত তুলি ধৰাৰ বাবে বিভিন্ন সময়ত চৰকাৰী অত্যাচাৰৰ সন্মুখীন হৈ আহিছে৷

বিগত পাঁচটা বছৰে জনতাৰ হৈ মাত মতা প্ৰণৱক দেওঁবাৰে বোকাখাতৰ দুই সহস্ৰাধিক জনতাৰ লগতে প্ৰায় দুকুৰি সংগঠনে বোকাখাতৰ ৰঙাগড়াঘাটৰ নাট্য মন্দিৰত অনুষ্ঠিত বিশাল জনজাগৰণ সভাত সমৰ্থন আগবঢ়ায়৷ সাম্প্ৰদায়িক বিজেপি আৰু মিত্ৰজোঁটক উফৰাই সঁচা অৰ্থত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ সংকল্পৰে আজি অনুষ্ঠিত জনজাগৰণ সভাত উপস্থিত থাকে ৰাজ্য সভাৰ সংসদ অজিত ভূঞা, জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত, জীপাল শ্রমিক সংঘৰ সভাপতি হেম ফুকন, ৰাছেল হুছেইন, মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ, পদাতিক নাৰী গোষ্ঠীৰ ড° ৰেখা বৰা, পূজা নিৰলা, সাংবাদিক সত্যজিৎ হাজৰিকা, জিয়াউৰ ৰহমান, সুচেংফা গগৈ, বাওঁ শিৱিৰৰ বলো বৰাৰ স্থানীয় বয়োজেষ্ঠ সমাজ ব্যবসায় সমাজৰ লগতে বিভিন্নগৰাকী৷

তদুপৰি, সভাত লগতে উপস্থিত থাাকে আঞ্চলিক গণ মৰ্চা, অসম সংগ্ৰামী মঞ্চ, অসম ছাত্ৰ সমাজ, পদাতিক নাৰী সমাজ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি, নিখিল ভাৰত কৃষক সভা, ভাৰতৰ কৃষাণ সংঘৰ্ষ সমন্বয় সমিতি, আঞ্চলিকতাবাদী সুৰক্ষা মঞ্চ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চ, অনুসূচীত জাতি যুৱ ছাত্র পৰিষদ, আদিৱাসী ছাত্র সন্থা, চাওঁতালি ছাত্র সন্থা, থলুৱা শিল্পী সমাজ, বানপীড়িত অঞ্চল উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতি, অসম মহিলা সংঘকে ধৰি প্ৰায় দুকুৰি সংগঠনৰ প্ৰতিনিধি৷

বলিষ্ঠ অভিনেতা মনো বৰাই আদৰণি ভাষণ প্ৰদান আৰু সংগ্ৰামী নেত্ৰী মণিকংকনা বৰবৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত আঞ্চলিক গণ মৰ্চাৰ আহ্বায়ক তথা সাংসদ অজিত কুমাৰ ভূঞাই কয় যে জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল'গানেৰে দিশপুৰৰ গাদী দখল কৰা বিজেপি নেতৃত্বতাধীন চৰকাৰখনে অসমৰ জনতাক প্ৰতি মুহূৰ্ততে প্ৰতাৰণা কৰি আহিছে৷ ৰাইজৰ স'তে বিশ্বাসঘাতকতা কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বৰ চৰকাৰখনক ৰোধিবলৈ প্ৰতিগৰাকী জনতাক আহ্বান জনায়৷ তেখেতে কয় যে সততে বদৰুদ্দিন আজমলৰ কথা কোৱা হয় যদিও আজমলে নহয়, বৰং বি জে পিয়েহে অসম শেষ কৰিছে৷

আনহাতে, আঞ্চলিকতাবাদৰ নেতৃত্ব দি অগপক বিজেপিৰ নেগুৰলৈ পৰিণত কৰা অতুল বৰাই শাসনৰ গাদী দখল কৰি কেৱল লুণ্ঠন চলাইছে বুলি উল্লেখ কৰি ভূঞাই কয় বোকাখাতৰ জনগণৰ কোনো সমস্যাৰ সমাধান নকৰি কেৱল নিজে টনকিয়াল হোৱা তথা ভোটৰ ৰাজনীতিত মত্ত থকা মন্ত্ৰী অতুল বৰাই জনগণক কৰা বিশ্বাসঘাতকতাৰ বাবেই এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে৷ যাৰ বাবেই সংস্কৃতিবান স্থান বোকাখাতৰ পৰা অতুল বৰাক পুলিয়ে পোখাই উভালি সুস্থ আঞ্চলিকতাবাদ গঢ়াৰ সংকল্প লৈ প্ৰতি মুহূৰ্তত জনগণৰ সমস্যাৰ বাবে মাত মাতি থকা প্ৰগতিশীল চিন্তাধাৰাৰে পৰিপুষ্ট যুৱক প্ৰণৱ দলেক ভোট প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনায় সাংসদ ভূঞাই৷

প্ৰণৱ দলে পানীত মাছ থকাৰ দৰেই জনতাৰ মাজত সংপৃক্ত হৈ আছে বুলি উল্লেখ কৰি সাংসদ ভূঞাই কয় যে উঠি অহা প্ৰজন্মৰ প্ৰতিনিধি প্ৰণৱক সকলো পক্ষই সমৰ্থন কৰা উচিত৷ তেখেতে লগতে আঞ্চলিকতাবাদৰ স্বাৰ্থত, জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত সঁচা অৰ্থত কাম কৰা নিষ্ঠাবান অগপ-বিজেপিৰ কৰ্মীসকলক অতুল বৰাই কৰা প্ৰতাৰণাৰ জবাব দিবলৈয়ো আহ্বান জনায়৷ সাংসদ অজিত ভূঞাই দুৰ্নীতিগ্ৰস্ত বিজেপিৰ বিৰুদ্ধে সকলোকে মাৰবান্ধি থিয় দিবলৈ আহ্বান জনায়৷ সভাত যুৱ নেতা প্ৰণৱ দলেৰ প্ৰতি আঞ্চলিক গণ মৰ্চাৰ সম্পূৰ্ণ সমৰ্থন আছে বুলি বেনাৰ উদ্বোধন কৰি স্পষ্ট ঘোষণা কৰে৷ বোকাখাত বিধান সভা সমষ্টিৰ সাধাৰণ জনসাধাৰণে অগপ-বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ কাৰ্য কলাপৰ বিৰুদ্ধে সৰব ভূমিকা গ্ৰহণ কৰি থকাৰ সময়তে আজিৰ জনজাগৰণ সভাত সহস্ৰাধিক ৰাইজৰ অভূতপূৰ্ব সহাঁৰি অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে৷

অনুষ্ঠানটোত ২০২১ চনৰ অনাগত নিৰ্বাচনত বিজেপিক অসমৰ জাতিধ্বংসী কাৰ্যকলাপৰ বাবে চিৰদিনলৈ বিদায় দিয়াৰ বিষয়টোয়ে মুখ্য ভাৱে চৰ্চা লাভ কৰে। অনুষ্ঠানটোত অংশ লোৱা মনজিত মহন্তই আঞ্চলিকতাবাদক পুনৰ উদ্ধাৰ আৰু শক্তিশালী কৰাৰ স্বাৰ্থত আঞ্চলিক গণ মৰ্চা গঠন কৰা হৈছে বুলি মন্তব্য কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্বশৰ্মাই অসমীয়া জাতি বিক্ৰী কৰিছে বুলি উল্লেখ কৰি সৰ্বা-হিমন্তৰ বাংলাদেশী প্ৰীতিৰ বাবেই ৰাইজে এটকা দুটকা বৰঙণিৰে তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰি কঠোৰ বাক্যবাণ প্ৰয়োগ কৰে৷ তেখেতে স্পষ্টকৈ কয় যে শংকৰ-আজানৰ দেশত সাম্প্ৰদায়িক ৰাজনীতি কৰা এসময়ৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল প্ৰকৃতাৰ্থত ধূৰন্ধৰ ৰাজনীতিবিদ৷

সৰ্বা-হিমন্তৰ দাদাগিৰি অসমত নচলিব বুলি উল্লেখ কৰি মহন্তই কয় যে অসমৰ জনতাৰ স'তে প্ৰতাৰণা কৰা, বোকাখাতৰ জনগণক মিছা কথাৰে আভুৱা ভৰা অতুল বৰাই এইবাৰ ভোট ভিক্ষা কৰিবলৈ আহিলে পহুখেদা দিব লাগিব বুলি বক্তব্য ৰাখে৷ মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈয়ে উদাত্ত ভাষণ ৰাখি মন্ত্ৰী অতুল বৰাক প্ৰতাৰক আখ্যা দিয়ে৷ তেখেতে সকলো জনগণক আহ্বান জনায় বোকাখাতৰ পৰা এইবাৰ অতুল বৰাক চিৰদিনৰ বাবে বিদায় দিবৰ বাবে৷ তেখেতে সকলোকে একেলগ হৈ ঐক্যবদ্ধভাৱে জনগণ বিৰোধী শাসকপক্ষক উফৰাবলৈয়ো আহ্বান জনায়৷ তেখেতেে কয় যে সৰ্বা-হিমন্ত-অতুলক আগন্তুক নিৰ্বাচনত ক্ষমতালৈ আহিলে হিন্দু বাংলাদেশীৰে ভৰি পৰিব অসমৰ পথাৰবোৰ৷ জনজাগৰণ সভাত য়ুউথ ফৰ বোকাখাত নামৰ এক অনুষ্ঠান অসম ছাত্ৰ সমাজৰ আহ্বায়ক ৰাহুল ছেত্ৰীয়ে৷ অনুষ্ঠানৰ আঁত ধৰে মানৱ অধিকাৰ কৰ্মী, কৃষক নেতা সোণেশ্বৰ নৰহ আৰু পল্লৱ হাজৰিকাই৷ নতুনৰ হাতেৰে মুক্তিকামী জনতাই সমতাপূৰ্ণ, স্বচ্ছ বোকাখাতৰ আহ্বান জনাই অনুষ্ঠানত বিভিন্নজনে বোকাখাতৰ ৰাজনীতিৰ পৰা ভ্ৰষ্টাচাৰত লিপ্ত মন্ত্ৰী অতুল বৰাক উফৰাবলৈ আহ্বান জনায়৷ বোকাখাতৰ পৰা শতাধিক মটৰ চাইকেলেৰে প্ৰণৱ দলে জিন্দাবাদ ধ্বনি দি যুৱ চামে কয় যে সমগ্ৰ দেশেই আগ্ৰহ প্ৰকাশ কৰিছে এখন নতুন দেশ গঢ়িবলৈ৷

আনহাতে, তথাকথিত শালীনতাৰ শিক্ষাৰ বিপৰীতে নাৰীৰ সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত, শোষকৰ অত্যাচাৰৰ বিপৰীতে মাটি ভেঁটিৰ অধিকাৰৰ স্বাৰ্থত যুৱ প্ৰজন্মই প্ৰণৱ দলেক আদৰি ল'বলৈ ৰাইজক আহ্বান জনায়৷ সভাত ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী প্ৰণৱ দলেই কয় যে বৰ্তমান চৰকাৰৰ দিনত প্ৰশ্ন কৰাৰ অধিকাৰ হেৰুৱাইছে জনতাই৷ মাতৃভাষা, মাতৃভূমিৰ সুৰক্ষাৰ কথা ক'লেই, বিদেশী বিতাড়নৰ কথা ক'লেই, মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মাতিলেই, নিবনুৱাক ২ কোটি চাকৰিৰ কথা ক'লেই, ১৫ লাখকৈ টকা দিম বুলি কোৱা প্ৰতিশ্ৰুতিৰ কথা ক'লেই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থয় বিজেপিয়ে৷ তেখেতে জনজাগৰণৰ সোঁতত দিশপুৰৰ অত্যাচাৰী শাসকক উটুৱাই দিয়াৰ স্বাৰ্থত বোকাখাতৰ জনতাৰ হাতলৈ ক্ষমতা আনিবৰ বাবে ঐক্যবদ্ধ হ'বলৈ আহ্বান জনায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in