কৰৈয়নিত বান্দৰৰ উপদ্ৰৱ, ত্ৰস্তমান ৰাইজ…

প্ৰতীকী ফটো
প্ৰতীকী ফটো

ডিজিটেল সংবাদ, নগাঁওঃ জিলাৰ নগাঁও চহৰৰ দাঁতি-কাষৰীয়া কলং নৈৰ প্ৰায় গাতে লাগি থকা এটা ঐতিহ্যমণ্ডিত অঞ্চল ।উৰিয়াগাও বাইপাছ চকৰ পৰা উত্তৰে ২ কিলোমিটাৰ দূৰত্বত কৰৈয়ণি বৃহত্তৰ অঞ্চলটো। অসমৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ এই অঞ্চলৰ আৱদান অপাৰ ।

কিন্তু বৰ্তমান পৰিতাপৰ কথাটো হৈছে কৃষি প্ৰধান এই অঞ্চলটোত ৰাইজে একো কৰি খাব নোৱাৰা হৈছে । বান্দৰ, কেৰ্কেটুৱাৰ উপদ্ৰৱত ইয়াৰ ৰাইজে ত্ৰাহিমদুশোধন দেখিছে । যদিওবা অঞ্চলটোৰ প্ৰাই সকলো ঘৰ গৃহস্থীৰে যথেষ্ট কৃষি ভূমি থকাৰ ওপৰিও নিজৰ নিজৰ ঘৰৰ ভেটি মাটি খিনিৰ লগত সংলগ্ন বাৰী সমূহ বিশাল ; তথাপিও ৰাইজে তাত একো খেতি বাতি কৰিব নোৱাৰা হৈছে । হাজাৰ বিজাৰ বান্দৰৰ জাক আহি আহি ফচলবোৰ খোৱাৰ ওপৰিও গছ পৰ্যন্ত ধ্বংস কৰি সকলোবোৰ তহিলং কৰি যায় ।

বিগত বহু বছৰ ধৰি স্থানীয় ৰাইজে বছৰৰ সকলো সময়ৰ খেতিতে এই সমস্যাত ভুগি জুৰুলা হৈ আহিছে । ইয়াৰ বাবে সমগ্ৰ অঞ্চলটোৰ আৰ্থ আমাজিক ব্যৱস্থাত বেয়াকৈ প্ৰভাৱ পৰিছে । এসময়ত মাত্ৰ নিমখ, কেৰাচিন লেখিয়া নিত্যপ্ৰয়োজনীয় কেইবিধমান খাদ্যসামগ্ৰীহে বাহিৰৰ পৰা কিনা ৰাইজে এতিয়া সকলো তৰি-তৰকাৰীয়েই বাহিৰৰ পৰা, বজাৰৰ কিনিব লগীয় হৈছে ।

ৰাইজ অতিষ্ঠ হৈ পৰিছে আৰু প্ৰশাসন তথা সংশ্লিষ্ট বনবিভাগক বিষয়টো গুৰুত্ব দি প্ৰয়োজনত উপযুক্ত ক্ষতিপুৰণ দিয়াৰ ব্যৱস্থাৰ লগতে বনবিভাগত বান্দৰৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিবলৈ ভুক্তভোগী ৰাইজে আহ্বান জনাইছে । লগতে সমূহ দল, সংগঠন তথা সচেতন ব্যক্তিক বিহত্তৰ কৰৈয়নি অঞ্চলৰ কৃষক ৰাইজৰ জীৱন জীবিকাৰ লগত জড়িত এই বিষয়টোক যথোচিত উপস্থাপনৰে আগবঢ়াই নিবলৈ আহ্বন জনাইছে ।ৰাইজৰ দাবী চৰকাৰৰ বন বিভাগে ব্যৱস্থা লওক , হয় মাৰক নহয় খেদক নহয় ৰাইজক মাৰিবলৈ অনুমতি দিয়ক , নহয় ক্ষতিপূৰণ দিয়ক, কৃষকৰ ফচল সুৰক্ষীত কৰক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in