কমকৈ লেতেৰা কৰক কাপোৰঃ দাম বাঢ়িল ডিটাৰ্জেণ্ট পাউদাৰৰ…

কমকৈ লেতেৰা কৰক কাপোৰঃ দাম বাঢ়িল ডিটাৰ্জেণ্ট পাউদাৰৰ…

ডিজিটেল ডেস্কঃ গ্ৰাহক সামগ্ৰী নিৰ্মাণ কৰা হিন্দুস্তান ইউনিলিভাৰ লিমিটেড (এইচ ইউ এল) আৰু আই টি চি লিমিটেডে তেওঁলোকৰ নিৰ্বাচিত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে। কোম্পানীটোৱে কৈছে যে নিৰ্বাচিত কিছু সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিবলগীয়া হৈছে। ইয়াৰ কাৰণ হৈছে সামগ্ৰী উৎপাদনত অধিক ব্য়য়। ইয়াৰ ফলত, এক কিলো হুইল ডিটাৰ্জেণ্ট পাউদাৰৰ ১ কেজি পেকেটৰ মূল্য এতিয়া ৩.৫ শতাংশ বৃদ্ধি হৈছে।

কোম্পানীটোৱে কৈছে যে নিৰ্বাচিত সামগ্ৰীৰ মূল্য আধা কিলো আৰু এক কিলোগ্ৰামৰ পেকেটত বৃদ্ধি পাইছে। এইচ.ইউ.এল.-য়ে ইয়াৰ ১ কিলোগ্ৰাম হুইল ডিটাৰ্জেণ্ট পাউডাৰৰ মূল্য ৩.৪ শতাংশ বৃদ্ধি কৰিছে। ইয়াৰ ফলত আধা কিলোগ্ৰাম হুইল পেকেটৰ মূল্য ২ টকা বৃদ্ধি হ'ব। হুইলৰ উপৰিও ৰিন ডিটাৰ্জেণ্ট বাৰ আৰু লাক্স চাবোনৰ মূল্যও বৃদ্ধি কৰিছে। কোম্পানীৰ এজন মুখপাত্ৰই কৈছিল যে সাম্প্ৰতিক সময়ত ইনপুট ব্যয় যথেষ্ট বৃদ্ধি পাইছে।

দ্ৰুত গতিত চলি থকা উপভোক্তা সামগ্ৰী (এফ এম চি জি) কোম্পানীবোৰে কিছু সময়ৰ পৰা মুদ্ৰাস্ফীতিৰ চাপৰ সন্মুখীন হৈছে। ইন্ধনৰ মূল্য বৃদ্ধি, পাম তেলৰ মূল্য বৃদ্ধি আৰু লগতে উচ্চ মালবাহী ব্যয়ৰ বাবে এই চাপ হৈছে।শেহতীয়াকৈ পাৰ্লে কোম্পানীয়েৰ সামগ্ৰীবোৰেও উচ্চ ব্যয় হ্ৰাস কৰিবলৈ মূল্য বৃদ্ধি কৰিছে। ইয়াৰ সকলো শ্ৰেণীৰ বিস্কুটৰ মূল্য বৃদ্ধি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in