সুখচৰৰ বেতবাৰীত স্বামীয়ে হত্যা কৰিলে পত্নীক, ৰাইজে হত্যাকাৰী স্বামীসহ পিতৃক আটক কৰি গতাই দিলে আৰক্ষীক…

সুখচৰৰ বেতবাৰীত স্বামীয়ে হত্যা কৰিলে পত্নীক, ৰাইজে হত্যাকাৰী স্বামীসহ পিতৃক আটক কৰি গতাই দিলে আৰক্ষীক…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ বেতবাৰী গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। স্বামী আৰু স্বামীৰ পৰিয়ালে হত্যা কৰিলে এগৰাকী মহিলাক। ঘটনাৰ পিছতে মৃত মহিলা গৰাকীৰ পৰিয়াল আৰু ৰাইজে স্বামী আৰু শশুৰক আটক কৰি আৰক্ষী গতাই দিয়ে।

উল্লেখযোগ্য যে প্ৰায় ৬/৭ মাহ আগত মানকাচৰ থানা এলেকাৰ বামুণপাৰা গাঁৱৰ জাহান উদ্দীনৰ জীয়েক হাছনা বেগম (২২) ক জিলাখনৰে সুখচৰ থানা এলেকাৰ মান্নান আলিৰ পুত্ৰ ইদ্ৰিছ আলী (২৯) ৰ সৈতে সামাজিকভাৱে বিবাহ সম্পন্ন হয়। বিয়াৰ পাছত যুৱতী গৰাকীৰ পিতৃয়ে স্বামীৰ অৱস্থা দুখীয়া হোৱা বাবে নিজৰ গাঁৱত থকা এক বিঘা ভূমি জীয়েকৰ স্বামীক দিয়ে। ইয়াৰ পাছতো হত্যাকাৰী স্বামীয়ে মাজে মাজে বিভিন্ন সামগ্ৰী পত্নী পৰিয়ালৰ পৰা দাবী কৰি আহিছিল।

আনহাতে পত্নীয়ে পিতৃ গৃহত আহিব বিচাৰিলে স্বামী তথা স্বামীৰ পৰিয়ালে মহিলা গৰাকীক শাৰীৰিক তথা মানসিক ভাবে অত্যাচাৰ চলাইছিল। এনে পৰিস্থিতিৰ মাজত ঈদৰ দিনা মহিলা গৰাকীৰ পিতৃয়ে ঘৰলৈ আহিবলৈ জীয়েকক ফোন কৰে যদিও স্বামীয়ে আহিব নিদিয়ে বুলি ফোনত কোৱাত পিতৃয়ে জীয়েকক ঈদৰ দিনাও আনিবলৈ যোৱা নাছিল।

ইফালে জীয়েকে পিতৃক ফোন কৰি নিজৰ ঘৰলৈ উভতাই নিবলৈ কান্দিছিল যদিও পিতৃয়ে জীয়েকক বুজাইছিল ধৈৰ্য্য ধৰাৰ বাবে। এনে পৰিস্থিতিৰ মাজত পুনৰ বাৰ ঈদৰ দিনা তিনিবাৰকৈ শাৰীৰিক ভাবে প্ৰহাৰ কৰি স্বামী তথা স্বামীৰ পৰিয়ালে নিৰ্যাতন চলাইছিল। এটা সময়ত স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰাত অচেতন হৈ পৰে। নিজৰ দোষ গাপ দিবলৈ স্বামীয়ে মহিলা গৰাকীৰ পিতৃক ফোন কৰে। পিতৃয়ে সোনকালে চিকিৎসালয়লৈ নিবলৈ কোৱাত মহিলা গৰাকীক স্বামী তথা স্বামীৰ পিতৃ মান্নান অলিয়ে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই মহিলা জনীয়ে মৃত্যু মুখত পৰে।

ঘটনাস্থলীত উপস্থিত হয় ভুক্তভোগী পিতৃ। মহিলা জনীয়ে আত্মহত্যা কৰাৰ বাবে চিপ লৈছিল বুলি মহিলা জনীৰ পিতৃ পৰিয়ালক বুজাবলৈ ধৰে। ফলত নিহত মহিলা জনীক মাটি দিবলৈ পিতৃয়ে নিজৰ ঘৰলৈ লৈ যায়। লগতে হত্যাকাৰী স্বামী তথা স্বামীৰ পিতৃও উপস্থিত হয় বামুণপাৰাস্থিত পত্নীৰ পৰিয়ালৰ ঘৰত। ঘৰলৈ নিয়াৰ পাছত নিহত মহিলা জনীৰ শৰীৰত প্ৰহাৰৰ ক্ষত বিক্ষত দেহ দেখি স্বামীৰ প্ৰতি গাঁৱবাসীয়ে সন্দেহ হয়। ফলত দুয়োকে ৰাইজে আটক কৰি ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখে।

নিশাৰ পৰা দিনৰ প্ৰায় তিনি বজালৈ ৰাইজে হত্যাকাৰী স্বামী তথা তেওঁৰে পিতৃক আটক কৰি ৰখাৰ পাছত মানকাচৰ আৰক্ষীক খবৰ দিয়ে। এটা সময়ত ৰাইজ উত্তেজিত হৈ গণ প্ৰহাৰৰ চেষ্টা চলায় যদিও একাংশ সচেতন লোকৰ তৎপৰতাত গণ প্ৰহাৰ কৰা নহয়।

অৱশ্যে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাস ঘটনাস্থলীত উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰনলৈ এনে। হত্যাকাৰী দুজনক ৰাইজৰ পৰা উদ্ধাৰ কৰি থানালৈ নি জেৰাৰ পাছত দুয়োকে আৰক্ষী গ্ৰেপ্তাৰ কৰে। অহা কালি দুয়োকে আদালতত প্ৰেৰণ কৰা হব বুলি আৰক্ষী বিষয়া জনে জানিবলৈ দিয়ে। মন কৰিবলগীয়া যে সংবাদ মাধ্যমৰ একাংশ লোক স্বামীক হত্যা সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ প্ৰহাৰ কৰাৰ ফলত নিহত হৈছে বুলি নিজে স্বীকাৰ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in