হোজাই জিলাৰ ডেৰাপথাৰত এন আৰ চিত অন্তৰ্ভুক্ত নহ’ল বহু খিলঞ্জীয়া, সৰ্বত্ৰে প্ৰতিক্ৰিয়া…

হোজাই জিলাৰ ডেৰাপথাৰত এন আৰ চিত অন্তৰ্ভুক্ত নহ’ল বহু খিলঞ্জীয়া, সৰ্বত্ৰে প্ৰতিক্ৰিয়া…

ডিজিটেল সংবাদ, হোজাইঃ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পিছত এই এন আৰ চি জাতি ৰক্ষাৰ দলিল নহৈ বিদেশীৰ ৰক্ষাকৱচ ৰূপেহে চিহ্নিত হৈছে। কিয়নো এন আৰ চিত হোৱা বিসংগতিৰ বাবে বহু খিলঞ্জীয়াৰ নাম বাদ পৰাৰ বিপৰীতে অন্তৰ্ভূক্ত হৈছে সন্দেহযুক্ত নাগৰিকৰ নাম। শুদ্ধ এন আৰ চিৰ নামত বিদেশীক সন্নিবিষ্ট কৰি বুমেৰাং হোৱা এন আৰ চিৰ বিৰুদ্ধে শাসক বিৰোধীয়ে সমালোচনা কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে লামডিঙত প্ৰায় ৪ হাজাৰ খিলঞ্জীয়া লোকৰ নাম এন আৰ চিত বাদ পৰাৰ তথ্য পোহৰলৈ অহাত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি হোৱাৰ লগতে হাহাকাৰ লাগিছে পৰিয়াল কেইটাৰ মাজত।

ঘটনাৰ বিৱৰণী মতে, লামডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ডেৰাপথাৰ অঞ্চলৰ কেইবাখনো গাঁৱৰ চল্লিশ শতাংশ খিলঞ্জীয়া লোকৰ নাম বাদ পৰিছে কালি প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা।উল্লেখযোগ্য যে পূব পাকিস্তানত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ আহ্বান মৰ্মে ১৯৬৪ চনত পূব পাকিস্তানৰ পৰা এইসকল গাৰু,ডিমাছা,কোচ ৰাজবংশী ,ডালু, হাজং আৰু বঙালীলোক সকল শৰণাৰ্থী হিচাপে অসমত প্ৰৱেশ কৰিছিল। ইয়াৰ পাছত প্ৰয়াত মুখমন্ত্ৰী গোপীনাথ বৰদলৈয়ে এই লোকসকলক তিনিবছৰ গোৱালপাৰা জিলাৰ বিভিন্ন শৰণাৰ্থী শিবিৰত চৰকাৰী সা সুবিধা দি আশ্ৰয় প্ৰদান কৰাইছিল বুলি ৰাইজে প্ৰকাশ কৰে ।

পৰৱৰ্তী সময়ত ১৯৬৭ চনত গোৱালপাৰা শৰনাৰ্থী শিবিৰৰ পৰা ১৪১৪ তা পৰিয়ালক অবিভক্ত নগাও জিলাৰ লামডিং সমষ্টিৰ লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত কাকী ডেৰা পথাৰত মাটি আবন্টন দি চৰকাৰী নীতিনিয়মত ঘৰ সাজি বাস কৰাৰ ব্যৱস্থা কৰি দিয়াত আজিলৈকে খিলঞ্জীয়া লোক সকলে তাতে নিগাজীকৈ বসবাস কৰে।

কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হল ১৯৭১ চনৰ আগত অহা এই খিলঞ্জীয়া লোক সকলৰ নাম অন্তৰ্ভুক্ত নহল এন আৰ চিৰ চূড়ান্ত তালিকাত।এন আৰ চিত নাম সন্নিবিষ্টৰ বাবে যাবতীয় নথি পত্ৰৰে আবেদন জনাইছিল যদিও অঞ্চলটোৰ প্ৰায় ১০ হাজাৰ জনসংখ্যাৰ ভিতৰত প্ৰায় ৪ হাজাৰ লোকৰ নাম বাদ পৰাত একপ্ৰকাৰ হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে পৰিয়াল কেইটাৰ মাজত।

এইখিনিতে উল্লেখ কৰিব লাগিব যে অঞ্চলটোৰ লোক সকলে এন আৰ চিৰ আবেদনত শৰণাৰ্থী কাৰ্ড ব্যৱহাৰ কৰিছিল বুলি অধিকাংশ লোকে প্ৰকাশ কৰিছে।লক্ষণীয় যে এন আৰ চি আবেদনত শৰণাৰ্থীৰ কাৰ্ড গ্ৰহণযোগ্য নহয় বুলি পূৰ্বতে এক নিৰ্দেশাৱলী আছিল যদিও শৰণাৰ্থী কাৰ্ড ব্যৱহাৰ কৰি অঞ্চলটোৰ বহু লোকৰ নাম এন আৰ চিত সন্নিবিষ্ট হোৱাৰ বিপৰীতে একেটা পৰিয়ালৰ আন একাংশৰ নাম বাদ পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইপিনে এন আৰ চিত নিয়োজিত কৰ্মচাৰী সকলক আবেদন আৰু শুনানিৰ সময়ত টকা নিদিয়াৰ বাবে তেওঁলোকৰ নাম কৰ্তন কৰি এক বিসংগতিপূৰ্ণ এন আৰ চি প্ৰকাশ কৰা বুলি অভিযোগ তুলি ক্ষোভ উজাৰে ভুক্তভোগী পৰিয়াল কেইটাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in