এপ্ৰিলৰ পৰা চৰকাৰী কৰ্মচাৰীৰ ৩০ শতাংশ বেতন কৰা হ’ব বৃদ্ধি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ তেলেংগানা চৰকাৰে সকলো চৰকাৰী কৰ্মচাৰীৰ বেতন বৃদ্ধি কৰাৰ লগতে অৱসৰগ্ৰহণৰ বয়স অৰ্থাৎ সময়সীমাও বৃদ্ধি কৰি দিছে। ৰাজ্য চৰকাৰে সোমবাৰে সকলো চৰকাৰী কৰ্মচাৰী, শিক্ষকৰ বেতন ৩০ শতাংশ বৃদ্ধি কৰাৰ লগতে ঘোষণা কৰিছে যে- অৱসৰ গ্ৰহণৰ বয়স ৫৮ৰ পৰা বৃদ্ধি কৰি ৬১ বছৰ কৰা হৈছে।

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে সোমবাৰে বিধানসভাত কৰে এই ঘোষণা। তেওঁ লগতে কয় যে, ইয়াৰ দ্বাৰা প্ৰায় ৯.১৭ লাখ কৰ্মচাৰী আৰু পেঞ্চন লাভ কৰা লোকৰ সহায় হ'ব। ২০২১ৰ এপ্ৰিলৰ পৰা ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব বেতন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in