উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: ছাত্ৰ নে ছাত্ৰী শীৰ্ষত…

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: ছাত্ৰ নে ছাত্ৰী শীৰ্ষত…

ডিজিটেল ডেস্ক: 2022 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত দেখা পোৱা গৈছে ছাত্ৰতকৈ ছাত্ৰী আছে আগত। কলা শাখাত মুঠ ১ লাখ ২৭ হাজাৰ ২০৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ৫৫৮১৪ গৰাকী ছাত্ৰ আৰু ৭১৩৯৩ গৰাকী ছাত্ৰী।

এইবাৰ ফলাফলত ৪৫৪৫৯ গৰাকী ছাত্ৰ উত্তীৰ্ণ হোৱাৰ বিপৰীতে কলা শাখাত ৬০৮২০ ছাত্ৰী উত্তীৰ্ণ হৈছে। কলা শাখাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮১.৪৫ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৫.১৯ শতাংশ।

বিজ্ঞান শাখাত পৰীক্ষাত উত্তীৰ্ণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ২২৫৮৩ গৰাকী। ইয়াৰে ছাত্ৰৰ সংখ্য ১৩৮৮৮ আৰু ছাত্ৰীৰ সংখ্যা ৮৬৯৫ । চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯০৬৫ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯৩.২০ শতাংশ।

বাণিজ্য শাখাত মুঠ ১১৫৫৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বাণিজ্য শাখাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮৪.৬৬ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৯.৭৯ শতাংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in