HS RESULTS- কলাত ৮৩.৪৮শতাংশ, বিজ্ঞানত ৯২.১৯শতাংশ আৰু বাণিজ্যত ৮৭.২৭শতাংশ উৰ্ত্তীণ…

HS RESULTS-  কলাত ৮৩.৪৮শতাংশ, বিজ্ঞানত ৯২.১৯শতাংশ আৰু বাণিজ্যত ৮৭.২৭শতাংশ উৰ্ত্তীণ…

ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ২০২২বৰ্ষৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত মুঠ ১৫৬১০৭জন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱৰ্তীণ হৈছিল। ইয়াৰে ২৯হাজাৰ ৪৮৭গৰাকীয়ে প্ৰথম বিভাগ, ৫২,৯৪৪গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৪৭,৮৯৩গৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে। ২০২২বৰ্ষত কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮৩.৪৮শতাংশ।

বিজ্ঞান শাখাত অৱৰ্তীণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৩৩৫৩৪। ইয়াৰে ২০১৭১গৰাকীয়ে প্ৰথম বিভাগ, ৯৮৩৩গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৯১১গৰাকী তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে। উৰ্ত্তীণৰ শতকৰা হাৰ ৯২.১৯শতাংশ।

বাণিজ্য শাখাত অৱৰ্তীণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ১৫১৯৯গৰাকী। ইয়াৰে ৫০১৮গৰাকীয়ে প্ৰথম বিভাগ, ৫১৮৬গৰাকীয়ে দ্বিতীয় বিভাগ, ৩০৬০গৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে। বাণিজ্য শাখাত উৰ্ত্তীণৰ হাৰ ৮৭.২৭শতাংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in