উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলঃ চাব পাৰিব এই ১৪টা ৱেবচাইটত…

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলঃ চাব পাৰিব এই ১৪টা ৱেবচাইটত…

ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলসমূহ ২৫জুন ২০২০ৰ পুৱা ৯বজাত ঘোষণা কৰা হ'ব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰে সদৰি কৰা মতে, এই ফলাফল সমূহ ১৪টা ৱেবচাইটত চাব পাৰিব।

সেই ৱেবচাইট কেইটা হ'লঃ

ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ৰোল আৰু নম্বৰ টাইপ কৰি ফলাফল চোৱাৰ লগতে ৱেবচাইট কেইটাৰ পৰা ডিজিটেল মাৰ্কশ্বিট ডাউনলোড কৰিব লব পাৰিব। শিক্ষা সাংসদে মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান সমূহলৈ একে সময়তে প্ৰেৰণ কৰিব ফলাফল।

শিক্ষা সংসদৰ সচিবে সদৰি কৰা মতে, মূল মাৰ্কশ্বিটৰ কপিসমূহ সংশ্লিষ্ট শিক্ষানুষ্ঠান সমূহলৈ অতি সোনকালেই প্ৰেৰণৰ ব্যৱস্থা কৰা হ'ব। কোৰোনাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দুৰত্ব বজাই ৰাখি মাৰ্কশ্বিট সমূহ প্ৰদান কৰাৰ ব্যৱস্থা কৰিবলৈও সংসদে শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক নিৰ্দেশ প্ৰদান কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in