বুধবাৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা, চাইবাৰ অপৰাধ প্ৰতিৰোধ কৰিবলৈ তদাৰকী দল নিয়োগ, স্পৰ্শকাতৰ পৰীক্ষাকেন্দ্ৰত থাকিব জামাৰ

বুধবাৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা, চাইবাৰ অপৰাধ প্ৰতিৰোধ কৰিবলৈ তদাৰকী দল নিয়োগ, স্পৰ্শকাতৰ পৰীক্ষাকেন্দ্ৰত থাকিব জামাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ বুধবাৰৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত মুঠ ২,৩৪,২৩৯ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাত। প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে নিয়োগ কৰিছে এগৰাকী চাইবাৰ অধ্যক্ষ।

অৱসৰপ্ৰাপ্ত এজন আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াক ইতিমধ্যে এই পদত নিয়োগ কৰিছে সংসদে। এইগৰাকী বিষয়াই হোৱাটচআপ, ফেচবুক আদি ছ'চিয়েল মিডিয়াৰ ওপৰত কাৰা নজৰ ৰাখিব। চাইবাৰ অধ্যক্ষগৰাকীৰ নেতৃত্বত থাকিব ছ'চিয়েল মিডিয়াৰ ওপৰত নজৰ ৰাখিবলৈ এটা তদাৰকী দল।

ৰাজ্যৰ মুঠ ৭৭২ টা কেন্দ্ৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে পৰীক্ষা কেন্দ্ৰসমূহৰ ভিতৰত পৰীক্ষাৰ্থী আৰু নিৰীক্ষকৰ বাবে নিষিদ্ধ কৰা হৈছে মোবাইল ফোন আৰু আন ইলেক্ট্ৰনিক ডিভাইচ। পৰীক্ষাকেন্দ্ৰত মোবাইল ফোন ব্যৱহাৰ কৰিলে নিৰীক্ষকৰ ওপৰতো সংসদে ল'ব ব্যৱস্থা।

পৰীক্ষা কেন্দ্ৰসমূহৰ ভিতৰত ২১ টা কেন্দ্ৰ অতি স্পৰ্শকাতৰ কেন্দ্ৰৰূপে চিহ্নিত কৰা হৈছে। সংসদৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি তেনে কিছু কেন্দ্ৰত জামাৰৰো ব্যৱস্থা থাকিব। ইফালে পৰীক্ষাকেন্দ্ৰৰ পৰা ৫০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জাৰি কৰা হ'ব ১৪৪ ধাৰা। পৰীক্ষা সুন্দৰকৈ চলাবলৈ ৩৩ খন জিলাত পৰ্যবেক্ষক আৰু কেন্দ্ৰসমূহ তদাৰকৰ বাবে ৮ শতাধিক চুপাৰভাইজিং অফিচাৰ নিযুক্তি কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in