শেহতীয়া খবৰ
কলাইগাওঁৰ জঘন্য ঘটনা সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াৰ সংবাদমেল  •  কোৰোনাৰ সমান্তৰলাকৈ ৰাজ্যত বানৰ বিভিষীকা, বৰ্তমানলৈকে ৪২ জনৰ প্ৰাণ হানি...  •  বৰ্তমানলৈ সৰ্বাধিক ধন উপাৰ্জন কৰা বলিউদৰ ৫খন ছবি...  •  NIAৰ আদালতত ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ জামিন...  •  বলিউদৰ মোহময়ী অভিনেত্ৰীৰ অকাল মৃত্যু...  •  অসম-নগালেণ্ড সীমান্তত নগাৰ দপদপনিঃ নগা আৰক্ষীয়ে প্ৰহাৰ কৰিলে অসমৰ যুৱকক...  •  দিল্লীত থাকি কংগ্ৰেছৰ পাইলটে চলাইছে বিজেপি গমনৰ যো জা!...  •  ৰাজ্যত পুনৰ ৭৩৫জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ...  •  বিহপুৰীয়াৰ ৫ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিজেপি নেতা অমিয় ভূঞাৰ...  •  দিশপুৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন অনুষ্ঠিত...

মুক্তিৰ পূৰ্বেই হৃত্বীক আৰু টাইগাৰৰ ছবি ‘ওৱাৰে’ গঢ়ি অভিলেখ!

12,765

ডিজিটেল ডেস্কঃ ভাৰতীয় দৰ্শকে বলিউডৰ জনপ্ৰিয় অভিনেতা, ডেন্সাৰ হৃত্বীক ৰোশ্বন আৰু নৱপ্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় অভিনেতা টাইগাৰ শ্ৰফক একেখন ৰূপালী পৰ্দাত চাবলৈ বহু সময় ধৰি অপেক্ষা কৰি আহিছিল। কিন্তু অৱশেষত গান্ধী জয়ন্তীৰ দিনটোত অৰ্থাৎ বুধবাৰে দুয়োগৰাকী জনপ্ৰিয় অভিনেতাক একেলগে দেখা পালে ছবিগৃহত।

‘ওৱাৰ’ ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ পাছৰ পৰাই যেন ভাৰতীয় দৰ্শকে এই ছবিখন চাবলৈ উৎসাহিত হৈ আছিল। আৰু সেয়েহে হয়তো ছবিখনে গঢ়িলে এক অভিলেখ। হৃত্বীক ৰোশ্বন আৰু টাইগাৰ শ্ৰফে অভিনয় কৰা এই ছবিখনৰ প্ৰি-বুকিং শুকুৰবাৰৰ পৰাই আৰম্ভ হয়। আৰু প্ৰি-বুকিঙৰ ক্ষেত্ৰত এই হিন্দী ছবিখনে অভিলেখ গঢ়ে।

বক্স অফিচ ইণ্ডিয়া ড’ট ক’ম অনুসৰি ‘ওৱাৰ’ ছবিখন এই দশকৰ ভিতৰত আটাইতকৈ বেছি এডভান্স টিকট বিক্ৰী হোৱা ফিল্ম। অৱশ্যে এই ক্ষেত্ৰত দক্ষিণ ভাৰত আৰু হলিউডক অন্তৰ্ভুক্ত কৰা হোৱা নাই। এডভান্স টিকট বুকিঙৰ দ্বাৰা এই ছবিখনে লাভ কৰা মুঠ ধন প্ৰায় ৩১-৩২ কোটি টকা। উল্লেখ্য যে, এই ছবিখনে অভিলেখ গঢ়িছে যদিও, তিনিটা ভাষাত মুক্তি হোৱা বাহুবলী-২ আৰু এডভেন্সাৰ এণ্ডগেমতকৈ এডভান্স বুকিঙৰ ক্ষেত্ৰত হৃত্বীক আৰু টাইগাৰৰ ছবিখন পিছ পৰি আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি