মুখত হাঁহি লৈ আদালতৰ মজিয়াত নিউজিলেণ্ডৰ ৪৯ নিৰীহৰ হত্যাকাৰী, সাংবাদিকক জনালে সম্ভাষণ

মুখত হাঁহি লৈ আদালতৰ মজিয়াত নিউজিলেণ্ডৰ ৪৯ নিৰীহৰ হত্যাকাৰী, সাংবাদিকক জনালে সম্ভাষণ

ডিজিটেল ডেস্কঃ নিউজিলেণ্ডৰ মছজিদত ভয়াবহ গণহত্যা কাণ্ডৰ মূল অভিযুক্ত দক্ষিণপন্থী সন্ত্ৰাসবাদী ব্ৰেনটন টেৰেন্টক শুকুৰবাৰে আদালতৰ মজিয়াত হাজিৰ কৰোৱা হয়। কিন্তু আদালতত শুনানিকালৰ গোটেই সময়খিনিয়েই অভিযুক্ত ২৮ বৰ্ষীয় ব্ৰেনটনক খুবেই শান্ত হৈ থকা দেখা গ'ল। ৪৯ জনকৈ নিৰীহিক নিৰ্মমভাৱে হত্যা কৰাৰ পিছতো সেই সময়ত সন্ত্ৰাসবাদীজনৰ মুখত দেখা নগ'ল কোনো ধৰণৰ উত্তেজনাৰ ভাৱ। আনকি সাংবাদিকৰ ফালে চাই মিচিকিয়া হাঁহিৰে সম্ভাষণো জনালে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ব্ৰেনটনে।

হাতত হাত কড়েয়া পিন্ধাই কয়দীৰ পোছাকত আৰক্ষীয়ে বেঢ়ি আদালতত হাজিৰ কৰাইছিল অভিযুক্ত সন্ত্ৰাসবাদীজনক। আদালতত হাজিৰ হোৱাৰ পিছতে উপস্থিত লোকসকলে ঘৃণাৰ দৃষ্টিৰে উপচাই পেলাইছিল সন্ত্ৰাসবাদীজনক। কিন্তু তাৰ পিছতো অতি শান্ত ভাৱেৰে থকা সন্ত্ৰাসবাদীজনক দেখি এনে লাগিছিল, সি সংঘটিত কৰা হত্যাযজ্ঞৰ কথা নিজে যেন গমেই নাপায়।

উল্লেখ্য যে, অষ্ট্ৰেলিয়ানক নাগৰিক ব্ৰেনটন টেৰেন্টে যোৱা দুবছৰ ধৰি এই আক্ৰমণৰ প্ৰস্তুতি চলাই আহিছিল বুলি জানিব পৰা গৈছে। শুকুৰবাৰে নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চস্থিত এটা মছজিদত নিৰ্মমভাৱে গুলিবৰ্ষণ কৰাত মৃত্যু ঘটিছিল ৪৯ জনকৈ লোকৰ। এই ঘটনাত ভাৰতৰ ৯ জনকৈ লোকো সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত ব্ৰেনটনক। পিছত সন্ত্ৰাসবাদীজনক আদালত হাজিৰ কৰোৱা হয় যদিও এতিয়ালৈকে শাস্তি ঘোষণা কৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in