লকডাউন ক’ত, কেনেকৈ ব্যস্ত ৱৰ্ল্ড চেম্পিয়ন হৃদয় হাজৰিকা, চাওক VIDEO

লকডাউন ক’ত, কেনেকৈ ব্যস্ত ৱৰ্ল্ড চেম্পিয়ন হৃদয় হাজৰিকা, চাওক VIDEO

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: লকডাউনৰ ফলত স্তব্ধ জনজীৱন । চৰকাৰৰ নিৰ্দেশনা মানি নিজ গৃহতে থাকি অনুশীলন অব্যাহত ৰাখিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন যুৱ ছুটাৰ হৃদয় হাজৰিকাই ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ নিজ বাসগৃহত পিতৃয়ে নিৰ্মাণ কৰা ছুটিং ৰেঞ্জত অনুশীলন অব্যাহত ৰাখিছে হৃদয় হাজৰিকাই ৷

দৈনিক শ্বুটিংৰ সমান্তৰালকৈ শৰীৰ চৰ্চাৰ অনুশীলন অব্যাহত ৰখা হৃদয়ে কোৰোনা মহামাৰীৰ বাবে ইতিমধ্যে দিল্লী,জাৰ্মানীৰ লগতে আন বহুকেইটা স্থানত অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা বাতিল হোৱাত লকডাউনৰ সময়খিনি প্ৰশিক্ষকৰ পৰা অনলাইনৰ জৰিয়তে দিহা-পৰামৰ্শ গ্ৰহণ কৰি অনুশীলন অব্যাহত ৰাখিছে হৃদয়ে।

উল্লেখ্য যে হৃদয়ৰ পিতৃয়ে নাৰায়ণপুৰ নগৰৰ নিজ বাসগৃহৰ চৌহদতে আৰম্ভ কৰিছে এটা প্ৰশিক্ষণ কেন্দ্ৰ ৷শ্বুটিং ৰেঞ্জ আৰু ফিটনেচ জিম সংলগ্ন থাকিব লগা কেন্দ্ৰটোৰ ইতিমধ্যে নব্বৈ শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ আটকধুনীয়াকৈ নিৰ্মাণ কৰা প্ৰশিক্ষণ কেন্দ্ৰটো লকডাউনৰ বাবে আধাৰুৱা হৈ থকাৰ লগতে কেন্দ্ৰটোৰ প্ৰয়োজনীয় আহিলা পাতি সমুহ আনিবলৈ সক্ষম হোৱা নাই ৷

কেন্দ্ৰটোত শ্বুটিং ৰেঞ্জৰ প্ৰশিক্ষণ এপ্ৰিল মাহতে আৰম্ভ কৰাৰ কথা আছিল যদিও লকডাউনৰ বাবেই সম্ভৱ হৈ নুঠিল ৷ নাৰায়ণপুৰৰ পৰা আন এজন হৃদয় সৃষ্টিৰ লক্ষ্যৰে এই ছুটিং ৰেঞ্জটো নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰে হৃদয়ৰ পিতৃ তথা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° শৰৎ হাজৰিকাই ৷ আনহাতে লকডাউনৰ বাবে হৃদয়ক ঘৰতে পাই আনন্দিত পিতৃৰ আশা লকডাউনৰ অন্তত হৃদয়ৰ লগতে আন খেলুৱৈ সকল পুনৰ স্ব-মহিমাৰে উজ্বলি উঠিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in